অসম

assam

ETV Bharat / entertainment

কাষ্টিং কাউচক লৈ প্ৰিয়ংকা চোপ্ৰাৰ চাঞ্চল্যকৰ প্ৰকাশ, পৰিচালকে কৰিছিল ‘বেয়া’ কাম - PRIYANKA CHOPRA CASTING COUCH

ৰাজামৌলী আৰু মহেশ বাবুৰ সৈতে এছএছএমবি29-ৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰিয়ংকা চোপ্ৰাৰ জীৱনতো ঘটিছিল অবাঞ্চিত ঘটনা ৷ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে কাষ্টিং কাউচৰ অভিজ্ঞতা ।

priyanka chopra shares horrible experience of casting couch
প্ৰিয়ংকা চোপ্ৰা (Photo : ANI)

By ETV Bharat Entertainment Team

Published : Feb 1, 2025, 11:41 AM IST

মুম্বাই : বলীউড আৰু হলীউড দুয়োখন জগততে নিজৰ প্ৰতিভাৰে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে গোলকীয় তাৰকা প্ৰিয়ংকা চোপ্ৰাই ৷ প্ৰিয়ংকাই সদায়ে তেওঁৰ চিন্তাধাৰাক সমাজৰ আগত নিৰ্ভীকভাৱে প্ৰকাশ কৰি আহিছে ৷ বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিও কিন্তু আজিলৈকে থমকি ৰোৱা নাই অভিনেত্ৰাগৰাকী ৷ বলীউডৰ পৰা গৈ বহু কষ্টৰে হলীউডত নিজকে প্ৰতিষ্ঠা কৰিছে চোপ্ৰাই ।

এতিয়া অভিনেত্ৰীগৰাকীক ৰাজামৌলীৰ আহিবলগীয়া চলচ্চিত্ৰ এখনত মহেশ বাবুৰ সৈতে দেখিবলৈ পোৱা যাব । শেহতীয়াকৈ প্ৰিয়ংকাই এটি অনুষ্ঠানত জীৱনৰ কিছু অন্ধকাৰ মুহূৰ্তৰ বিষয়ে শ্বেয়াৰ কৰিছে ৷ কাষ্টিং কাউচৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী ।

  • প্ৰিয়ংকা কাষ্টিং কাউচৰ ভুক্তভোগী আছিল :

ফৰ্বছ পাৱাৰ ৱমেন ছামিটত বাৰ্তালাপৰ সময়ত প্ৰিয়ংকাই কাষ্টিং কাউচ সন্দৰ্ভত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কৈছিল । তেওঁৰ বিবৃতি অনুসৰি, পৰিচালক এজনে প্ৰিয়ংকাই তেওঁৰ অন্তৰ্বাস দেখুওৱাটো বিচাৰিছিল, যাতে দৰ্শক সেয়া দেখি আকৰ্ষিত হয় ৷ প্ৰিয়ংকাই উল্লেখ কৰে যে সেই সময়ত তেওঁ এনে অনুভৱ কৰিছিল যে সকলোৱে তেওঁৰ কাপোৰহে চাব বিচাৰিছিল, তেওঁৰ অভিনয় আৰু প্ৰতিভা নহয় ।

পৰিচালকে অন্তৰ্বাস দেখুৱাবলৈ দাবী কৰিছিল :

ঘটনা সন্দৰ্ভত প্ৰিয়ংকা চোপ্ৰাই কয়, "মই পৰিচালকৰ লগত কথা পাতি আছিলো আৰু মই কৈছিলো, ‘‘আপুনি মোৰ ষ্টাইলিষ্টৰ লগত কথা পাতিবনে আৰু মোক ক’বনে যে আপুনি কেনেধৰণৰ ডিজাইন বা কাপোৰ বিচাৰে । মই তেওঁৰ কাষত থিয় হৈ থাকোঁতে তেওঁ ফোনটো তুলি লৈ ক’লে, ‘তুমি অন্তৰ্বাস দেখুৱালেহে মানুহ থিয়েটাৰলৈ আহিব তোমাক চাবলৈ । তোমাৰ স্কাৰ্টটো চুটি হ’ব লাগিব যাতে মই তোমাৰ অন্তৰ্বাস দেখা পাওঁ । সন্মুখত বহি থকা মানুহবোৰে তোমাৰ অন্তৰ্বাস দেখা পাব লাগিব । এই কথা তেওঁ চাৰিবাৰ আওৰাইছিল । পৰিচালকে হিন্দীত এই কথা আওৰাই থাকোতে বৰ লেতেৰা যেন লাগিছিল ।"

দেশী গাৰ্লে তেওঁৰ কেৰিয়াৰৰ সমাপ্তিক লৈ ভয় কৰিছিল :

প্ৰিয়ংকাই তেওঁৰ মাতৃ মধু চোপ্ৰাৰ সৈতে এই ঘটনাটো শ্বেয়াৰ কৰি কৈছিল যে তেওঁ কেনেকৈ এনে কথা কোৱা ব্যক্তিৰ মুখামুখি হ'ব ? প্ৰিয়ংকাই উল্লেখ কৰে যে তেওঁ কেতিয়াও সেই পৰিচালকৰ সৈতে কাম কৰা নাছিল । অভিনেত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে তেওঁৰ নাকৰ অস্ত্ৰোপচাৰৰ পিছত, বহুলোকে তেওঁক কাম দিবলৈ অস্বীকাৰ কৰিছিল, যাৰ ফলত তেওঁ কেৰিয়াৰ শেষ গৈছিল বুলি অনুভৱ কৰিছিল । অৱশ্যে, তেওঁ হাৰমনা নাছিল আৰু এতিয়া বলীউডৰ পৰা হলীউডলৈকে সকলোৱে প্ৰিয়ংকাক চিনি পায় ।

প্ৰিয়ংকাক এছএছএমবি২৯ ত দেখিবলৈ পোৱা যাব :

তেওঁৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ’লে, প্ৰিয়ংকাৰ অন্তিমখন হিন্দী মুক্তি আছিল দ্য স্কাই ইজ পিংক, আৰু এতিয়া তেওঁ ৰাজামৌলী আৰু মহেশ বাবুৰ সৈতে এছএছএমবি ২৯ ৰ বাবে প্ৰস্তুতি চলাই আছে । হলীউডত, তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত আছে দ্য ব্লাফ, হেডছ অফ ষ্টেটছ আৰু চিটাডেল চিজন 2 ৷

লগতে পঢ়ক :অডিশ্যনৰ সময়ত মোক তেওঁক আকৰ্ষণ কৰিবলৈ কৈছিল : শিল্পা শিন্দে - Shilpa Shinde on Audition

ABOUT THE AUTHOR

...view details