চিটাৰা ডেস্ক, 30 এপ্ৰিল :দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসৰ অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে মুক্তি লাভ কৰিলে প্ৰভাসৰ ফাৰ্ষ্ট লুক ৷ "কল্কি 2898" ছবিখনত প্ৰভাসক 'ভৈৰৱ'ৰ চৰিত্ৰত দেখা যাব ৷ ছবিখনৰ নিৰ্মাতাসকলে প্ৰভাসক ভৈৰৱ হিচাপে পৰিচয় দিয়াৰ পিচতে এতিয়া ছবিখনে সামাজিক মাধ্যমক ব্যাপক চৰ্চা লাভ কৰিছে ৷ অনুৰাগীসকলে ফাৰ্ষ্ট লুকছৰ পোষ্টাৰখনত মন্তব্যৰে উপচাই পেলাইছে ৷
উল্লেখ্য যে, শেহতীয়া ছবিখনৰ নিৰ্মাতাসকলে অমিতাভ বচ্চনৰ অশ্বত্থামা চৰিত্ৰৰ এটা টীজাৰ প্ৰচাৰ কৰাৰ পিচতেই সামাজিক মাধ্যমত ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছিল ৷ সকলোৱে অমিতাভ বচ্চনৰ অশ্বত্থামা ভূমিকাক প্ৰশংসা কৰাৰ লগতে ছবিখন অতি সোনকালে মুক্তি দিবলৈ অনুৰোধ কৰিছিল ৷
নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত ‘Kalki 2898 AD’ ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান আৰু দিশা পাটানিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷