অসম

assam

বিনেশ ফোগাটৰ ঐতিহাসিক ফাইনেল যাত্ৰা: গৌৰৱান্বিত বলীউড তাৰকাসকল - B town stars on Vinesh Phogat win

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 12:11 PM IST

Celebs on Vinesh Phogat win : ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে মঙলবাৰে পেৰিছ অলিম্পিক 2024 ৰ ছেমি ফাইনেলত কিউবাৰ য়ুচনেলিছ গুজমান লোপেজক পৰাস্ত কৰে । এই কৃতিত্বৰ বাবে বি-টাউনৰ চেলেব্ৰিটীসকলে বিনেশক জনাইছে আন্তৰিক অভিনন্দন ।

Paris Olympics 2024 l What a Champ: Rajkummar Rao, Taapsee Pannu, Riteish Deshmukh Praise Vinesh Phogat's Historic March to Finals
গৌৰাৱান্বিত বলীউড তাৰকা (ANI)

চিটাৰা ডেস্ক, 7 আগষ্ট :ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে মঙলবাৰে পেৰিছ অলিম্পিক 2024 ত অনুষ্ঠিত মল্লযুঁজ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত য়ুচনিলিছ গুজমান লোপেজক পৰাস্ত কৰে । ফোগাট অলিম্পিকত 50 কিলোগ্ৰাম ফ্ৰী-ষ্টাইল মল্লযুঁজ শাখাৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা, যিয়ে ৰূপৰ পদক জয় নিশ্চিত কৰিছে ৷ বলীউডৰ কেইবাগৰাকীও চেলেব্ৰিটীয়ে ছ'চিয়েল মিডিয়াত এই জয় উদযাপন কৰে ৷

ৰাজকুমাৰ ৰাওৰ লগতে পত্নী পত্ৰলেখা, তাপসী পন্নু, ৰিতেশ দেশমুখকে ধৰি অন্যান্য তাৰকাসকলে ছ’চিয়েল মিডিয়াত মল্লযোদ্ধাগৰাকীক শুভকামনা জনাইছে ।

ৰাজকুমাৰ ৰাওৱে অলিম্পিকত অংশগ্ৰহণ কৰাৰ মুহূৰ্তত থকা ফোগাটৰ ফটো পোষ্ট কৰে ইনষ্টাগ্ৰামত । ৰোমাঞ্চিত ৰাওৱে তেওঁক "আমাৰ জাতিৰ গৌৰৱ" বুলি অভিহিত কৰে । "স্ত্ৰী 2" ৰ তাৰকাগৰাকীয়ে মল্লযুঁজৰ চেম্পিয়নগৰাকীলৈ বুলি লিখিছে, "আৰু আমি ফাইনেলত আছো । আপোনাক লাইভত খেলা দেখি ইমানেই আনন্দ লাগিছিল । আপুনি আমাৰ জাতিৰ গৌৰৱ @vineshphogat । ফাইনেলৰ বাবে শুভকামনা থাকিল । আমাৰ প্ৰাৰ্থনা আপোনাৰ লগত আছে" ৷

তাৰকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Instagram story)

তেওঁৰ লগতে অভিনেত্ৰী-পত্নী পত্ৰলেখাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰশংসা কৰে বিনেশক । এই জয়ক "দেশৰ বাবে এক মুহূৰ্ত" বুলি অভিহিত কৰে তেওঁ । পোষ্টটোৰ কেপশ্যনত লিখা আছিল; "কি খেল...চেম্পিয়ন । বিনেশ ফোগাটে ৰূপৰ পদক লাভ কৰে । এখন দেশৰ বাবে কি মুহূৰ্ত #ফিনিক্স ।"

লগতে পঢ়ক :পেৰিছ অলিম্পিক 2024 ত নীতা আম্বানীৰ নৃত্যই লাভ কৰিছে বিশেষ চৰ্চা - Nita Ambani Paris Olympics 2024

ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ ধাৰাবাহিকতাৰে বিনেশৰ অলিম্পিক বিজয় উদযাপন কৰে তাপসী পন্নুৱে । পন্নুৰ দীঘলীয়া পোষ্টটোত স্বীকাৰ কৰে যে তেওঁ বিনেশৰ "আজীৱন অনুৰাগী"। "এই মহিলাগৰাকীক আগন্তুক দশকবোৰলৈ বহু দিশত বেঞ্চমাৰ্ক হিচাপে পুনৰ মনত ৰখা হ'ব ! কি মহিলা ! কি উন্মাদ বছৰটো পাৰ কৰিছে আৰু কি সাহস দেখুৱাইছে । আজীৱন আপোনাৰ অনুৰাগী," পন্নুৰ ছ'চিয়েল মিডিয়াত এইদৰে লিখা হৈছে ৷

অভিনেতা ৰিতেশ দেশমুখে এক্সত মল্লযোদ্ধাগৰাকীৰ বিজয়ী মুহূৰ্তৰ এখন ফটো পোষ্ট কৰে । ফটোখনত ফোগাটে ছেমি ফাইনেলত কিউবাৰ খেলুৱৈগৰাকীক পৰাস্ত কৰাৰ পিচত মাটিত শুই কান্দি থকা দেখা গৈছে ।

ৰিতেশে লিখিছে, "বিশ্বৰ নম্বৰ 1 আৰু ডিফেণ্ডিং অলিম্পিক স্বৰ্ণপদক ধাৰকক পৰাস্ত কৰাৰ পিছত এজন চেম্পিয়নক এনেকুৱা দেখা যায় #VineshPhogat ।"

অলিম্পিকৰ এই গুৰুত্বপূৰ্ণ বিজয়ৰ পিছত অভিনেতা ৰণদ্বীপ হুড্ডায়েও খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰে । ৰণদ্বীপে এক্সত খেলখনৰ পৰা ফোগাটৰ এখন ফটো পোষ্ট কৰে । তেওঁ হাততালি দিয়া আৰু এটা ক্ৰছ আঙুলিৰ ইম’জীৰ সৈতে #VineshPhogat হেছটেগটো পোষ্ট কৰে ।

বলীউডৰ তাৰকা দম্পতী ছোহা আলী খান আৰু কুনাল কেম্মুয়ে টিভিত উপভোগ কৰে মল্লযুঁজ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলখন । টিভিত খেলখন চাই থকা ফটো এখন লৈ বিনেশ ফোগাটলৈ শুভেচ্ছা জ্ঞাপন কৰে দম্পতীটোৱে ।

তাৰকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Instagram story)
তাৰকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Instagram story)

ইনষ্টাগ্ৰামত কুনালে লিখিছে; "হোৱাট এ চেম্প উফ ৷ ইমান গৰ্বিত" লগতে এটা ফায়াৰ ইম’জী । মল্লযুঁজাৰুগৰাকীৰ দৰ্শনীয় জয়ক স্বীকৃতি দি ছোহায়ো সমানেই সন্তুষ্টি প্ৰকাশ কৰে । ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ বাবে তেওঁ এটা টোকা লিখে, "অলিম্পিক মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা । ইমান গৌৰৱান্বিত !"

লগতে পঢ়ক :পেৰিছ অলিম্পিক 2024 ত পদক বিজয়ীলৈ তাৰকাৰ শুভেচ্ছা - Manu Bhaker and Sarabjot Singh

ABOUT THE AUTHOR

...view details