চিটাৰা ডেস্ক, ১ মাৰ্চ : দীপিকা পাডুকন আৰু ৰণবীৰ সিং প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে, কেতিয়াবা যদি তেওঁলোকৰ মৰমলগা আৰু ৰোমান্টিক ফটোৰ বাবে, আন কেতিয়াবা আকৌ তেওঁলোকৰ ছবিৰ বাবে । সমগ্ৰ বিশ্বতে দীপিকা-ৰণবীৰৰ অনুৰাগী আছে । দুয়োগৰাকীয়ে চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰিয় দম্পতী । এতিয়া শেহতীয়াকৈ এই দম্পতীয়ে অনুৰাগীক দিছে এটা সুখবৰ ৷
শীঘ্ৰেই পিতৃ-মাতৃ দীপিকা-ৰণবীৰ ৷ এই খবৰ ঘোষণাৰ পিচতে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে এই দম্পতীয়ে । গৰ্ভধাৰণৰ ঘোষণাৰ পিচতে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানলৈ যোৱা দেখা গ’ল । ইফালে বিমানবন্দৰত অনুৰাগীৰ সৈতে এই সুখ উদযাপন কৰাও দেখা গ’ল এই দম্পতীক ।
এই ছেপ্টেম্বৰ মাহত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’বলৈ গৈ আছে । শেহতীয়াকৈ অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিমানবন্দৰত বগা সাজ-পোছাক পৰিধান কৰি যোৱা দেখা গৈছিল দুয়োকে ৷ ইফালে বিমানবন্দৰত পত্নী দীপিকাক সুৰক্ষা দি থকা দেখা গ’ল ৰণবীৰক ।