চিটাৰা ডেস্ক, 25মে’ : ভাৰতীয় ৰেপাৰ বাদশ্বাহৰ সৈতে সম্পৰ্কক লৈ চলি থকা উৰাবাতৰি সন্দৰ্ভত মুখ খুলিছে পাকিস্তানী অভিনেতা হানিয়া আমিৰে । দুয়োৰে মাজৰ বন্ধুত্ব কিছুদিন পুৰণি ৷ প্ৰায়ে ইজনে সিজনৰ ছ’চিয়েল মিডিয়া পোষ্টত মন্তব্য কৰে তেওঁলোকে আৰু তেওঁলোক আনকি দুবাইত লগো হৈছিল ।
শেহতীয়াকৈ এটা ৰেডিঅ’ ষ্টেচনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হানিয়াক তেওঁৰ বৰ্তমানৰ প্ৰিয় গীতৰ বিষয়ে সোধা হৈছিল । প্ৰত্যুত্তৰত তেওঁ প্ৰকাশ কৰিলে যে বাদশ্বাহ, হিটেন আৰু কৰণ আউজলাৰ ‘গড ডেম’ গীতটো তেওঁৰ প্ৰিয় । পাকিস্তানী অভিনেত্ৰীগৰাকীয়ে গীতটোক “ভাল” বুলি অভিহিত কৰে ।
সাক্ষাৎকাৰ লোৱাগৰাকীয়ে চঞ্চলভাৱে কয় যে গীতটোৰ প্ৰতি তেওঁৰ প্ৰশংসাৰ কাৰণ বাদশ্বাহৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুত্বও হ’ব পাৰে, যাৰ সৈতে তেওঁক দুবাইত পাৰ্টি কৰা দেখা গৈছিল । হানিয়াই এই বক্তব্যত হাঁহি হাঁহি ক’লে যে গীতটোৰ প্ৰতি তেওঁৰ মোহ প্ৰকৃত ৷ ই কোনো তেওঁলোকৰ ব্যক্তিগত সংযোগৰ বাবে নহয় । ধেমালিতে অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, যদি তেওঁৰ বিয়া হ’লহেঁতেন তেন্তে হয়তো তেওঁ এনে উৰাবাতৰিৰ পৰা ৰক্ষা পৰিলহেতেন ।