চিটাৰা ডেস্ক, ১১ মাৰ্চ: ১১ মাৰ্চত হলিউডৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হয় ৯৬ সংখ্যক একাডেমী বঁটা । একাডেমী বঁটাক অস্কাৰ বুলিও কোৱা হয় আৰু ই চলচ্চিত্ৰ জগতৰ অন্যতম সন্মানীয় বঁটা । এই বছৰ আকৌ এবাৰ অস্কাৰ বঁটাৰ আঁত ধৰোতাৰ ৰূপত থাকে জিমি কিমেল । শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰীকে ধৰি ২০ টাতকৈও অধিক শিতানত অস্কাৰ বঁটা প্ৰদান কৰা হয় । অস্কাৰ ২০২৪ ৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা ইয়াত চাওক ।
অস্কাৰ ২০২৪ বিজয়ীৰ তালিকা-
শ্ৰেষ্ঠ সহ অভিনেত্ৰী - ডা ৱাইন জয় ৰেণ্ডলফ, 'দ্য হোল্ডঅভাৰছ
শ্ৰেষ্ঠ এনিমেটেড শ্ব’ৰ্ট- 'ৱাৰ ইজ অভাৰ'
শ্ৰেষ্ঠ এনিমেটেড ফিচৰ - 'দ্য বয় এণ্ড দ্য হেৰাণ'
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য কেটগৰী – আমেৰিকান ফিকশ্যন
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য - জাষ্টিন ট্ৰিট আৰু আৰ্থাৰ হাৰাৰীয়ে 'এনাটমী অৱ এ ফ'ল'ৰ বাবে অস্কাৰ লাভ কৰে
শ্ৰেষ্ঠ মেকআপ এণ্ড হেয়াৰষ্টাইলিং- পুৱৰ থিংছ
শ্ৰেষ্ঠ প্ৰডাকশ্যন ডিজাইন - 'পুৱৰ থিংছ ' (ডিজাইনাৰ জেমছ প্ৰাইচ আৰু শ্বোনা হিথ)
শ্ৰেষ্ঠ সাজ-পোছাকৰ কেটগৰী – ‘পুৱৰ থিংছ’
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচৰ- ‘দ্য জ’ন অৱ ইন্টাৰেষ্ট’ৰ বাবে অস্কাৰ লাভ কৰিছে পৰিচালক জনাথন গ্লেজাৰে
শ্ৰেষ্ঠ সহ অভিনেতা - ৰবাৰ্ট ডাউনী জুনিয়ৰ, 'অপেনহাইমাৰ'
শ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট - গডজিলা মাইনাছ ৱন