চিটাৰা ডেস্ক, 1 জুলাই :ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এটা দীঘলীয়া ইনষ্টাগ্ৰাম পোষ্টত তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ বাবে এটা মৰমলগা টোকা শ্বেয়াৰ কৰিছে । টি-২০ বিশ্বকাপ ২০২৪ ৰ জয়ৰ পিচত সদায় তেওঁৰ কাষত থকা অনুষ্কাক কৃতিত্ব দিয়ে তাৰকা খেলুৱৈগৰাকীয়ে । ভাৰতে জয়লাভ কৰাৰ পাচতে অনুষ্কাই বিৰাটৰ প্ৰতি থকা প্ৰেম প্ৰদৰ্শন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল ।
সাধাৰণতে বিৰাট কোহলীয়ে তেওঁৰ জীৱনত পত্নী অনুষ্কা শৰ্মাৰ সমৰ্থনৰ কথা প্ৰায়ে ৰাজহুৱাকৈ উল্লেখ কৰে ৷ এই সমগ্ৰ প্ৰতিযোগিতাখনতো অনুষ্কাই তেওঁক সমৰ্থন কৰাৰ লগতে সাহস যোগোৱাৰ কথাও স্বীকাৰ কৰে বিৰাটে । ভাৰতীয় বেটছমেনগৰাকীয়ে টি-২০ বিশ্বকাপ ২০২৪ৰ জয়ৰ পিচত তেওঁৰ প্ৰেমৰ বাবে এটা আন্তৰিক টোকা লিখে ।
লগতে পঢ়ক :আফগানিস্তানৰ জয়ত সুখী বলীউড তাৰকা - bollywood Celebs on Afghanistan win
এখন ছবি শ্বেয়াৰ কৰি কোহলীয়ে লিখিছে, "মোৰ প্ৰেম তোমাৰ অবিহনে এইবোৰৰ কোনোটোৱেই দূৰৈৰ পৰা সম্ভৱ নহ'লহেঁতেন । তুমি মোক নম্ৰ, শান্ত কৰি ৰাখা আৰু তুমি সদায় সততাৰে কোৱা যে মই কেনেকুৱা । মই তোমাৰ বাবে ইয়াতকৈ অধিক কৃতজ্ঞ হ'ব নোৱাৰোঁ । এই জয় সিমানেই তোমাৰ যিমানেই মোৰ, ধন্যবাদ আৰু মই তোমাক তুমি হোৱাৰ বাবে ভালপাওঁ ❤️❤️❤️❤️❤️ @anushkasharma ।"