গুৱাহাটী, 5 আগষ্ট :চলিত মাহৰ শেষৰ ভাগত মুক্তি পাব এখন নতুন অসমীয়া বোলছবিয়ে ৷ প্ৰায় প্ৰতিটো সপ্তাহতে নতুবা প্ৰতিটো মাহতে মুক্তি পাবলৈ লৈছে একোখনকৈ নতুন অসমীয়া ছবিয়ে ৷ উদ্যোগটোৰ বাবে ই নিশ্চয়কৈ এটা ভাল খবৰ ৷
শেহতীয়াকৈ আন এখন অসমীয়া ছবিৰ মুক্তিৰ খবৰ আমাৰ হাতত আহি পৰিছে । চলিত মাহৰ 30 তাৰিখে মুক্তিৰ বাবে সাজু হৈ উঠিছে ছবিখন ৷ অসমীয়া বোলছবিখনৰ নাম ‘চিলনী চোৰ’। কিছুমান বাস্তৱধৰ্মী কথাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰণৱ জ্যোতি ভৰালীৰ ৷ ছবিখনৰ প্ৰযোজনা পৰেশ বৰাৰ । বুকুত হাজাৰ সপোন লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা গুৱাহাটীলৈ মহানগৰীলৈ আহে একাংশ যুৱক-যুৱতী । নিজৰ সপোন সাৰ্থক কৰিবলৈ আহি মহানগৰৰ বাসিন্দা হোৱাৰ নিৰন্তৰ প্ৰয়াস কৰে যদিও বহুসময়ত তেওঁলোক সন্মুখীন হ'বলগীয়া হয় বিভিন্ন ধৰণৰ সমস্যাৰ । তাৰে ভিতৰত এটা প্ৰধান সমস্যা হৈছে আৰ্থিক নাটনি । এনে কিছুমান বাস্তৱধৰ্মী কথাৰ ভিত্তিতেই নিৰ্মাণ কৰা হৈছে আগন্তুক ছবি 'চিলনী চোৰ'।