অসম

assam

ETV Bharat / entertainment

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা ফটো শ্বেয়াৰ নাতাশাৰ - Natasa Hardik Pandya Divorce

Natasa Stankovic and Hardik Pandya : পুনৰ চৰ্চালৈ আহিছে নাতাশা-হাৰ্দিকৰ বিবাহ বিচ্ছেদৰ প্ৰসংগ ৷ সকলো অভিযোগ নস্যাৎ কৰি মডেল, অভিনেত্ৰীগৰাকীয়ে স্বামী তথা ক্ৰিকেট তাৰকা হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা কিছু ফটো পুনৰ আপলোড কৰিছে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ৷

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:37 PM IST

NATASA HARDIK PANDYA DIVORCE
হাৰ্দিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ নতুন মোৰ (Etv Bharat)

নিউজ ডেস্ক, 3 জুন : বিগত কিছুসময়ৰে পৰা ভাৰতীয় ক্ৰিকেট তাৰকা হাৰ্দিক পাণ্ডিয়া আৰু ছাৰ্বিয়ান মডেল, অভিনেত্ৰী নাতাশা ষ্টেনক’ভিচৰ বিবাহ বিচ্ছেদৰ খবৰে তোলপাৰ লগাই আছে সংবাদ মাধ্যম ৷ নাতাশাই শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা ফটোৰ লগতে নিজৰ নামৰ পিচফালে থকা পাণ্ডিয়া উপাধি আঁতৰ কৰা দেখা গৈছিল ৷

আনকি চলিত বৰ্ষৰ আই পি এলৰ সময়তো হাৰ্দিক পাণ্ডিয়াৰ মেচৰ সময়ত কোনোদিনে পত্নীক ষ্টেডিয়ামত উপস্থিত থকা দেখা পোৱা নগৈছিল ৷ যাৰ পিচৰে পৰা অনুৰাগীসকলে হাৰ্দিক-নাতাশাৰ মাজত বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি উৰাবাতৰিৰ প্ৰচাৰ কৰা দেখা যায় ৷

এই সকলো উৰাবাতৰি নস্যাৎ কৰি নাতাশাই পুনৰ ইনষ্টাগ্ৰামত ক্ৰিকেট তাৰকা স্বামী হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা নিজৰ ফটো শ্বেয়াৰ কৰিছে ৷

নাতাশা ষ্টেনক’ভিচে বিবাহৰ ছবিবোৰ পুনৰ আপলোড কৰে :

নাতাশা ষ্টেনক’ভিচ আৰু হাৰ্দিক পাণ্ডিয়াই ২০২০ চনৰ ৩১ মে'ত বিবাহপাশত আৱদ্ধ হৈছিল ৷ একে বছৰৰ ৩০ জুলাইত তেওঁলোকৰ প্ৰথমটো সন্তান অগস্ত্যই জন্ম লাভ কৰে ৷ তাৰকা দম্পতীটোৱে 2023 চনৰ 14 ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত একাংশ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি-নীতিৰে তেওঁলোকৰ বিবাহৰ অনুষ্ঠানৰ বিশাল আয়োজন কৰিছিল ৷ সম্প্ৰতি নাতাশাই তেওঁলোকৰ বিবাহৰ অনুষ্ঠানৰ ফটোৰ লগতে সুখৰ সময়ৰ কিছু ফটো সামাজিক মাধ্যম ইনষ্টাগ্ৰামত পোষ্ট কৰিছে ৷

বিবাহ বিচ্ছেদৰ উৰাবাতৰি কঢ়িয়াই অনা বিশেষ পোষ্টটো :

"নাতাশা আৰু হাৰ্ডিকৰ বিচ্ছেদ হৈছে ?" শীৰ্ষক পোষ্টটোৱে সামাজিক মাধ্যমত সকলো অনুৰাগীৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ সকলোৱে এইটোৱে ভাবিছিল যে, নাতাশাই হাৰ্দিকৰ উপাধি আঁতৰ কৰাটোৱে দুয়োৰে মাজত বিবাহ বিচ্ছেদ হোৱাটোকে সূচাইছে ৷ আনকি চলিত আই পি এলৰ খেলৰ সময়তো মডেল, অভিনেত্ৰীগৰাকী কোনোদিনে ষ্টেডিয়ামত নাছিল উপস্থিত ৷

লগতে পঢ়ক:জীৱনৰ বাটত সংগ এৰিলে নেকি হাৰ্দিক পাণ্ডিয়া-নাতাশা ষ্টেনকভিচে ? - Natasa Hardik Pandya Divorce

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে নিউয়ৰ্ক পালেগৈ হাৰ্দিক পাণ্ডিয়া - T20 WORLD CUP 2024

ABOUT THE AUTHOR

...view details