ডিব্ৰুগড়, 16 মে’ :অনুৰাগীৰ পৰা মৰম পাই আকৌ চাৰিওফালে সকলোৰে মুখে মুখে জুবিন জুবিন ! মুঠতে জুবিনৰ নামতে সমস্ত ভাল-বেয়া-বিতৰ্ক ৷ বিহুৰ অনুষ্ঠানত ঘটিছে এটাৰ পাচত আন এটা ঘটনা ৷ এইবাৰৰ বিষয় অনুৰাগীৰ অপৰিসীম মৰম ৷ চকুৰ সন্মুখত প্ৰিয় শিল্পীক পাই এগৰাকী জোৱানে পাহৰি পেলালে ইউনিফৰ্মত থকাৰ কথা ৷ ভৰি চুই সেৱা কৰাৰ পৰা আৰম্ভ কৰে মঞ্চতে যাঁচিলে মৰমৰ চুমা ! আৰম্ভ হৈ গ’ল বিতৰ্কৰ ৷
সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান নিলম্বন হোৱা ঘটনাই ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে । ঘটনা অনুসৰি যোৱা শনিবাৰে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ ২০২৪ ত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য । সাংস্কৃতিক অনুষ্ঠান চলি আছিল ৷ এগৰাকী মহিলা গৃহৰক্ষী জোৱানে দায়িত্ব পালন কৰি থকাৰ মাজতে উঠি গৈছিল মঞ্চলৈ । মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰিত ধৰি সেৱা কৰিছিল । জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰাৰ পিচতেই চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া ।
এই সিদ্ধান্তক একাংশই সমৰ্থন কৰিলেও মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ চাকৰি ঘুৰাই দিবলৈ চৰকাৰক আহ্বান জনাইছে চাবুৱাৰ ৰাইজে । ইয়াৰ পাচতে আজি সাৱটি ধৰি নিলম্বিত হোৱা গৃহৰক্ষী জোৱানগৰাকীক লৈ সামাজিক মাধ্যমত জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।