অসম

assam

By ETV Bharat Entertainment Team

Published : 4 hours ago

ETV Bharat / entertainment

অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীলৈ উপহাৰ কণ্ঠশিল্পী ময়ূৰী দত্তৰ - Singer Mayuri Dutta songs

Mayuri Dutta song Rim Jhim: মুক্তি পালে জনপ্রিয় কণ্ঠশিল্পী ময়ূৰী দত্তৰ গীত ‘ৰিমঝিম’ৰ ভিডিঅ’ সংস্কৰণ । গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত গীতটি উন্মোচন কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

musician Mayuri Dutta releases her song Rim Jhim on the occasion of assam police day to wish police officials
কণ্ঠশিল্পী ময়ূৰী দত্তৰ গীত ‘ৰিমঝিম’ (ETV Bharat Assam)

গুৱাহাটী, 1 অক্টোবৰ :আজি মুক্তি পালে জনপ্রিয় কণ্ঠশিল্পী ময়ূৰী দত্তৰ গীত ‘ৰিমঝিম’ ৰ ভিডিঅ’ সংস্কৰণ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাইজৰ বাবে মুকলি কৰা হয় গীতটিৰ ভিডিঅ’ সংস্কৰণ ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দিগন্ত বৰা, উপ-আৰক্ষী আয়ুক্ত ভাৰ্গৱ মণি দাস প্ৰমুখ্যে কেইবাগৰাকীও আৰক্ষী বিষয়া । গীতটি উন্মোচন কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীলৈ উপহাৰ কণ্ঠশিল্পী ময়ূৰী দত্তৰ (ETV Bharat Assam)

গীতটি সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কি ক'লে

গীতটিৰ সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, “আজি অসম আৰক্ষীৰ বাবে এটা ঐতিহ্যপূৰ্ণ দিন । আজি অসম আৰক্ষী দিৱস । 1951 চনৰ 1 অক্টোবৰত প্ৰথমগৰাকী ভাৰতীয় বিষয়াই অসম আৰক্ষীৰ নেতৃত্ব লৈছিল অৰ্থাৎ অসম আৰক্ষীৰ মূৰব্বী হিচাপে দায়িত্ব লৈছিল । গতিকে এই দিনটোৰ লগত সংগতি ৰাখি অসম আৰক্ষী দিৱস আমি পালন কৰো । আৰু এই দিনটোৰ লগত সংগতি ৰাখিয়ে কণ্ঠশিল্পী ময়ূৰী দত্ত আৰু তেওঁৰ টীমে এটা সুন্দৰ গীতৰ লগতে এটা ভিডিঅ’ সংকলনো কৰিছে । এই গীতটিৰ ভিডিঅ’ সংকলনটি আজি অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি মুক্তি দিয়া হৈছে । মই আজি এই অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈছো এইকাৰণে যে অসম আৰক্ষীৰ ঐতিহ্যপূৰ্ণ দিনটোৰ লগত সংগতি ৰাখি তেওঁলোকে গীতটি বনাইছে আৰু গীতটিৰ মূল চৰিত্ৰ হৈছে আৰক্ষী বিষয়া । আৰক্ষী বিষয়া এগৰাকীৰ মনস্তাত্বিক দিশটোৰ লগত সংগতি ৰাখি গীতটি ৰচনা কৰা হৈছে । ৰাইজে গীতটি আদৰি ল’ব বুলি আশা কৰিছো ।”

গীতটি সন্দৰ্ভত কণ্ঠশিল্পী ময়ূৰী দত্তৰ মন্তব্য

“আজি ১ অক্টোবৰ । আজি আমাৰ সকলোৰে বাবে এটা বিশেষ দিন । আজি অসম আৰক্ষী দিৱস । গতিকে অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আমি এই গীতটিৰ পৰিকল্পনা কৰিলো । আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ, আমাৰ কৰবাত কিবা হ’ব বুলি ভয় লাগি থাকে । এইক্ষেত্ৰত কিন্তু আৰক্ষীয়ে সদায় আমাক সুৰক্ষা দি আহিছে । গতিকে আজিৰ দিনটোত এয়া অসম আৰক্ষীলৈ আমাৰ তৰফৰ পৰা অভিনন্দন ।”

উল্লেখ্য যে, ‘ৰিমঝিম’ গীতটিৰ কথা অজয় বৰুৱাৰ, সংগীত আৰু সংযোজন তৰুণ তন্ময়ৰ । ভিডিঅ’ পৰিচালনা শ্বনল হাজৰিকাৰ । আনহাতে গীতটিত অভিনয় কৰিছে ময়ূৰী দত্ত, ভাস্কৰ তামুলী, সৌৰভ ৰাজ আৰু কীৰ্তি কমলে ।

লগতে পঢ়ক :কেনেদৰে আৰম্ভ হৈছিল জয় কাশ্যপৰ সাংস্কৃতিক যাত্ৰা ? - Musician Joy Kashyap interview

ABOUT THE AUTHOR

...view details