চিটাৰা ডেস্ক, 23 মে’ :২০১২ চনৰ অজয় দেৱগণৰ কমেডী ছবি ছন অৱ্ চৰ্দাৰৰ কথা সকলোৰে মনত আছে নিশ্চয় । ২০১২ চনৰ হিট আৰু সফল ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল ছন অৱ্ চৰ্দাৰ । ছন অৱ চৰ্দাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পাগুৰি পিন্ধি কেমেৰাৰ সন্মুখলৈ আহিছিল অজয় দেৱগণ আৰু অভিনেতাগৰাকীৰ কৌতুক অভিনয়ে অনুৰাগীসকলক হহুৱাবলৈ সক্ষম হৈছিল । এতিয়া ১২ বছৰৰ পাছত দ্বিতীয় খণ্ড অৰ্থাৎ ছন অৱ চৰ্দাৰৰ ছিকুৱেলৰ কথা চলি আছে । Son of Sardar 2 ৰ শেহতীয়া আপডেট অনুসৰি এতিয়া সোনাক্ষী সিনহাক ছবিখনৰ ছিকুৱেলৰ পৰা বাদ দিয়া হৈছে । এতিয়া দক্ষিণ আৰু বলীউডৰ ছবিত কাম কৰা এইগৰাকী অভিনেত্ৰীয়ে তেওঁৰ স্থানত প্ৰৱেশ কৰিছে ।
ছন অৱ্ চৰ্দাৰ ২ৰ কাষ্টিং আৰম্ভ
প্ৰাপ্ত তথ্য অনুসৰি, ছন অৱ্ চৰ্দাৰ 2ৰ কাষ্টিং আৰম্ভ হৈ গৈছে ৷ এইবাৰ ছবিখনত দৰ্শকে সোনাক্ষী আৰু অজয়ক একেলগে দেখা নাপায় ৷ সোনাক্ষীৰ ঠাইত থাকিব মৃণাল ঠাকুৰ ৷ অজয়ৰ সৈতে ৰোমাঞ্চ কৰিব মৃণাল ঠাকুৰে ৷ যদিহে মৃণালে অভিনয় কৰাৰ কথা সঁচা হয়, তেন্তে প্ৰথমবাৰৰ বাবে অজয় আৰু মৃণালে ছিলভাৰ স্ক্ৰীণ শ্বেয়াৰ কৰিব ৷ শুনিবলৈ পোৱা অনুসৰি সোনাক্ষী ছন অ্ৱ চৰ্দাৰ ২ৰ কাহিনীৰ লগত খাপ খোৱা নাই যেন অনুমান হৈছে নিৰ্মাতাৰ ।