কলিয়াবৰ :ৰিণিমা বৰা, সৰু ঠাই এডোখৰৰ পৰা ওলাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যিয়ে নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে, সেই ৰিণিমা বৰা আৱেগিক হৈ পৰিল কেমেৰাৰ সন্মুখত ৷ জীৱনৰ এটা বিশেষ দিনত পিতৃক কাষত নাপাই উচুপি উঠিল সৰু ছোৱালীৰ দৰে ৷ নিজে পিন্ধি অহা মুকুট খুলি ৰাখিলে পিতৃৰ ফটোৰ সন্মুখত ৷ হয় মন ভৰি পৰা এটা ভিডিঅ’, যিটোৱে আপোনাকো কৰি তুলিব আৱেগিক, সুখৰ দুটোপাল চকুলো আপোনালোকৰো নিগৰিব ৷
2024 বৰ্ষৰ মিছেজ ইণ্ডিয়া গেলেক্সী খিতাপ অৰ্জন কৰি কলিয়াবৰৰ মাতৃগৃহত উপস্থিত হয় ৰিণিমা বৰা আগৰৱালা ৷ কলিয়াবৰবাসী ৰাইজৰ মৰম দেখি অবাক হৈ পৰে ৰিণিমা ৷ ইমান মৰম, ইমান আদৰ, যেন তেওঁৰ কল্পনাৰো অগোচৰ ৷ এপাক বিহুও নাচিলে উপস্থিত সকলোৰে মাজত ৰিণিমাই ৷ ৰিণিমাৰ পৰিয়ালৰ সদস্যসকলৰ গাতো তৎ নাই ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত নাম জিলিকাই উভতি অন্যা কন্যাক কাষত পাই মাতৃৰ বুকুও গৌৰৱেৰে উঠলি উঠিছে, জ্যেষ্ঠ ভগ্নীয়ে বিচাৰিছে মাথোঁ ৰাইজৰ মৰম-আশীৰ্বাদ ৷
এই ৰিণিমাৰ আছে কিছু বিশেষ পৰিকল্পনা ৷ ছোৱালীৰ বাবে বিভিন্ন ক্ষেত্ৰত বহু ধৰণৰ কাম কৰাৰ কথা চিন্তা কৰি ৰিণিমাই অসমৰ শিক্ষামন্ত্ৰীৰ সৈতেও যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইংৰাজী ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ নিজৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে ৷ ৰিণিমাই কয়, "দেউতাই মোৰ বাবে বহুতখিনি কৰিছে ৷ দেউতাই মোৰ বাবে সৰ্বোচ্চ ৷ এনে এজন দেউতাক পালে কেতিয়াও ছোৱালীৰ সপোন পূৰ নেহেৱাকৈ নাথাকে ৷" মাতৃয়ে লিপষ্টিক লগাবলৈ নিদিয়াৰ কথা সুঁৱৰি তেওঁ কয় যে কিদৰে আইতাকৰ হজমীৰ টেবলেটত থু লগাই লগাই ওঁঠত ঘঁহি ওঁঠ ৰঙা কৰিছিল ৷ মুঠতে সৰুৰে পৰাই ফেশ্বন, কথা-বতৰা কোৱাৰ প্ৰতি আকৃষ্ট আছিল ৰিণিমা ৷