চিটাৰা ডেস্ক, 20 মে’ : মুম্বাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত চলি থকা লোকসভা নিৰ্বাচন ২০২৪ ত অংশগ্ৰহণ কৰা দেখা যায় ছুপাৰষ্টাৰ শ্বাহৰুখ খানক । তেওঁৰ লগত পত্নী গৌৰী খান, কন্যা সুহানা খান, পুত্ৰ আৰিয়ান আৰু আব্ৰাম খানো আছিল । শ্বাহৰুখে পৰিধান কৰিছিল ক’লা ৰঙৰ টি-চাৰ্ট আৰু পেণ্ট ৷ আনহাতে সুহানাই পিন্ধে নীলা ৰঙৰ কুৰ্তী আৰু গৌৰীয়ে পিন্ধে বগা টপ আৰু নীলা জিনছ ৷ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ নকৰাকৈ দ্ৰুতগতিত ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰে তেওঁলোকে ৷ ২০১৯ চনত তেওঁলোকে ভোটদান প্ৰক্ৰিয়াৰ সাক্ষী কৰাবলৈ আব্ৰামক লগত লৈ আহিছিল ।
ইয়াৰ পূৰ্বে শ্বাহৰুখে নিজৰ অনুৰাগীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ সকলোকে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ভোট দি ভাৰতীয় নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ উৎসাহিত কৰে ।
"দায়িত্বশীল ভাৰতীয় নাগৰিক হিচাপে আমি এই সোমবাৰে মহাৰাষ্ট্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব । আহক আমি ভাৰতীয় হিচাপে নিজৰ কৰ্তব্য পালন কৰোঁ আৰু আমাৰ দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান কৰোঁ । আগবাঢ়ি যাওক প্ৰচাৰ কৰক, আমাৰ ভোটদানৰ অধিকাৰ," শনিবাৰে তেওঁ এইদৰে লিখে ।