চিটাৰা ডেস্ক, ২৭ এপ্ৰিল : ‘বাহুবলী’ৰ অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাছ অভিনীত ছবি ‘Kalki 2898 AD’ ৰ বাবে । শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ ৰোমাঞ্চকৰ টিজাৰ । ইয়াৰ মাজতে অমিতাভ বচ্চনৰ ‘অশ্বত্থামা’ৰ ভূমিকাও প্ৰকাশ পাইছিল ।
তেতিয়াৰ পৰাই ছবিখনৰ বাবে ক্ৰমাৎ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগাসকলে । নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত ‘Kalki 2898 AD’ ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান আৰু দিশা পাটানিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।
২৬ এপ্ৰিলৰ বিয়লি ‘Kalki 2898 AD’ ৰ নিৰ্মাতাসকলে এটা টিজাৰ মুকলি কৰি আৰু এটা ডাঙৰ ঘোষণাৰ প্ৰতিশ্ৰুতি দিছিল । আজি সন্ধিয়া ৫ বজাত 'Kalki 2898 AD' ছবিখনৰ এটা ডাঙৰ আপডেট আহিব বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে ‘Kalki 2898 AD’ ৰ নিৰ্মাতাসকলে ছবিখনৰ আন এখন নতুন পোষ্টাৰ মুকলি কৰিছে ।
নতুন পোষ্টাৰখনত দেখিবলৈ পোৱা মতে, এজন মুখা পিন্ধা মানুহে হাতত অস্ত্ৰ লৈ থিয় হৈ আছে আৰু তাৰ ওপৰত এটা ঘূৰণীয়া চাবিৰ দৰে চিহ্ন আছে ৷ যিটো হলিউডৰ বহু ছবিত ইতিমধ্যে দেখা পোৱা গৈছে । এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত নিৰ্মাতাসকলে লিখিছে, ‘‘ফাইনেল কাউণ্টডাউন আৰম্ভ, আজি সন্ধিয়া ৫ বজাত, আমাৰ সৈতে সংযোগ হওক’’ ।