যোৰহাট :এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন আৰু সংগীতপ্ৰেমী প্ৰয়াত পুৰঞ্জয় দাসৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই প্ৰয়াত দাসৰ বন্ধুবৰ্গ আৰু ইভেন্ট মেনেজমেণ্ট প্ৰতিষ্ঠান ইক'-কলাব'ৰেশ্যনৰ উদ্যোগত যোৰহাটত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে যোৰহাট সংগীত মহোৎসৱ ৷
যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই সংগীত মহোৎসৱ ৷ সাংস্কৃতিক ৰাজধানী যোৰহাটত এতিয়া উখল-মাখল পৰিৱেশ ৷ প্ৰথমবাৰৰ বাবে এই আইক'নিক হোৱাইট যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আয়োজন চলিছে । ইক' কলাব'ৰেশ্যনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত ২৩ নৱেম্বৰ বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মহোৎসৱ ।
যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আয়োজন (ETV Bharat Assam) এই মহোৎসৱৰ জৰিয়তে অসমৰ আৰু বাহিৰৰ শিল্পীসকলক একত্ৰিত কৰি তেওঁলোকৰ প্ৰতিভা আৰু শৈলীৰ এক অনন্য মিশ্ৰণ সংগীতপ্ৰেমী সকলৰ আগত প্ৰদৰ্শন কৰা হ’ব ।
যোৰহাট সংগীত মহোৎসৱত শিল্পী জয় বৰুৱা, শংকুৰাজ কোঁৱৰ, বিশিষ্ট তবলাবাদক জংকি, ডি জে ওৱেডাৰ, প্ৰেডিং ৰুট বেণ্ড আদিয়ে সংগীত পৰিৱেশন কৰিব । যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আন এটা উল্লেখনীয় দিশ হ’ল বহনক্ষম তথা কম আৱৰ্জনামুক্ত অনুষ্ঠান আয়োজন কৰাটো । আৱৰ্জনামুক্তভাৱে অনুষ্ঠান শেষ কৰাৰ বাবে উদ্যোক্তাসকলে বেংগালুৰুৰ এটা আৱৰ্জনা নিষ্কাশন এন জি অ’ ‘সাহস’ ৰ লগত জাবৰমুক্ত যোৰহাট প্ৰকল্পৰ বাবে সহযোগিতা কৰিছে ।
এইক্ষেত্ৰত পৌৰসভাৰ আৱৰ্জনাসমূহ শুকান, পনীয়া আৰু বিপদজনক সামগ্ৰী এই তিনিটা ভাগত ভাগ কৰা হ’ব ৷ পিছত জাবৰসমূহ নিষ্কাশনৰ ব্যৱস্থা কৰা, পৰিৱেশ অনুকূল খাদ্য বিপণিৰ জৰিয়তে প্লাষ্টিকৰ কমকৈ ব্যৱহাৰ কৰা, অনুষ্ঠানৰ মাজে মাজে মঞ্চৰ পৰা পৰিৱেশ সচেতনতামূলক ভাষণ প্ৰদান কৰা আদি ব্যৱস্থা কৰাৰ লগতে পৰিৱেশ সচেতনতাৰ বাবে পোষ্টাৰ আৰু ষ্টলৰ ব্যৱহাৰ কৰা আদি সন্নিবিষ্ট হৈ থাকিব । বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল যোগে এই কথা সদৰী কৰে মহোৎসৱৰ উদ্যোক্তাসকলে ৷
লগতে পঢ়ক :সমগ্ৰ ভাৰতকে সুৰামুক্ত কৰিবলৈ আহ্বান দিলজিৎ দোছাঞ্জৰ