অসম

assam

ETV Bharat / entertainment

সুন্দৰপুৰ কেঅছ-নামতেই অমিল ! ৰহস্য ওলাব 25 অক্টোবৰৰ পিছতহে

২৫ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ‘‘সুন্দৰপুৰ কেঅছ’’ এ । অসমৰ জলন্ত সমস্যাক লৈ নিৰ্মাণ কৰা ছবিখনৰ বিশেষ দর্শনী অনুষ্ঠিত হয় বুধবাৰে ।

JHULAN KRISHNA mahanta directorial SUNDARPUR CHAOS premiere show at Anuradha Cineplex Guwahati
কাইলৈ শুভ মুক্তি (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : 6 hours ago

গুৱাহাটী : বহুদিনৰ পৰা শুনি থকা এখন ছবি ‘‘সুন্দৰপুৰ কেঅছ’’ অৱশেষত মুক্তিৰ দুৱাৰদলিত ৷ কাইলৈ অৰ্থাৎ 25 অক্টোবৰত দৰ্শকৰ মাজলৈ যাবলৈ সাজু ছবি ‘‘সুন্দৰপুৰ কেঅছ’’ ৷ এটি হৃদয়স্পৰ্শী কাহিনীৰ সৈতে নতুন অসমীয়া ছবি ‘‘সুন্দৰপুৰ কেঅছ’’ এ দৰ্শকৰ মনোৰঞ্জন দিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে নিৰ্মাতাগোষ্ঠীয়ে ।

অসমৰ এটা জলন্ত সমস্যা ‘‘সত্ৰৰ মাটি বেদখল’’ক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । ৯ টাকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ ‘‘নদী মাথোঁ বয়’’ৰ পিছত পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ এইখন দ্বিতীয়খন ছবি ৷

কলা-কুশলীৰ মন্তব্য (ETV Bharat Assam)

বুধবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত ‘‘সুন্দৰপুৰ কেঅছ’’ৰ এক বিশেষ দর্শনী অনুষ্ঠিত হয় । গায়ন বায়নেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সত্ৰীয়া গুৰু যতীন গোস্বামী আৰু ঘনকান্ত বৰা বৰবায়নে ৷

লগতে উপস্থিত থাকে লেখিকা মঞ্জুলা হাজৰিকা আৰু অনুৰাধা শৰ্মা পূজাৰী । আৰ চি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন বর্তমান সময়ত এজন ডেকা ল’ৰাই অসমখনত নিজকে কিদৰে বিচাৰি পাই তাৰে প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :সুন্দৰপুৰ কেঅছৰ কাহিনীয়ে জ্বলন্ত সমস্যা সমাধানত যোগাব পাৰিবনে অৰিহণা ?

শংকৰদেৱে এৰি থৈ যোৱা অসমখনত কি হৈ আছে ? সত্ৰৰ ভিতৰে বাহিৰে কি হৈ আছে ? জাতি-জনজাতিবোৰ একগোট হ’ল নে ? সত্ৰৰ মাটিত হেনো বিদেশী সোমাল । এনেধৰণৰ বহু দিশ সামৰি নিৰ্মাণ কৰা হৈছে ‘সুন্দৰপুৰ কেঅছ’ । ছবিখনৰ চিত্ৰনাট্যখনৰ পৰিচালনা আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ । প্ৰযোজনা ৰমেন্দ্ৰ কুমাৰ চমুৱা, গায়ত্ৰী হাজৰিকা আৰু দিগন্ত ঠকুৰীয়াৰ ।

ছবিখনত কণ্ঠদান কৰিছে পাপন, গায়ত্রী হাজৰিকা আৰু বলীউডৰ জনপ্রিয় গায়ক শ্বানে । সংগীত পৰিচালনা সৌৰভ মহন্তৰ, শব্দ সজ্জা দেৱজিৎ গায়নৰ, সাজ সজ্জা ৰাণী দত্ত বৰুৱাৰ, বৰ্ণ সংশোধন ধনজিৎ দাসৰ আৰু চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নেশ্যনেল স্কুল অফ ড্ৰামা, দিল্লীৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থ প্ৰতীম হাজৰিকাই ।

তেওঁৰ লগতে অভিনয় কৰিছে অৰুণ নাথ, জলি লস্কৰ, ৰাজীৱ গোস্বামী, শিল্পী দত্ত, গাৰ্গী দত্ত আৰু আন বহু শিল্পীয়ে । ছবিখনৰ এই বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তিৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী ।

লগতে পঢ়ক :এক স্পৰ্শকাতৰ কিন্তু প্ৰাসংগিক বিষয়ক লৈ ছবিগৃহলৈ আহি আছে সুন্দৰপুৰ কেঅছ, আপুনি চাবলৈ সাজু নে ?

ABOUT THE AUTHOR

...view details