নিউজ ডেস্ক,৩ জুলাই:আকৌ সমালোচনাৰ সন্মুখীন যতীন বৰা । এখন বিশেষ প'ষ্টাৰক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰা । সামাজিক মাধ্যমত যতীন বৰাৰ বিৰুদ্ধে নেটিজেনে উত্থাপন কৰিলে বীৰ লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ । সামাজিক মাধ্যমত অভিনেতাগৰাকীক উদ্দেশ্যি কটু মন্তব্য বিভিন্নজনৰ ।
দৰাচলতে প্ৰায় ৬ বছৰ বিৰতিৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে অসমৰ অন্যতম আগশাৰীৰ নাট্যদল 'ইতিহাস থিয়েটাৰ' ৰ সৈতে চুক্তিবদ্ধ হৈছে "নায়ক"খ্যাত যতীন বৰা । নাট্যদলটিয়ে আগন্তুক নাট্যবৰ্ষত 'মহাৰাজ', 'জুয়ে পোৰা মানুহ' আৰু 'মহাবীৰ লাচিত' এই তিনিখন নাটকেৰে যাত্ৰা কৰাৰ বাবে প্ৰস্তুতি তুংগত তুলিছে । ইয়াৰ মাজতে 'মহাবীৰ লাচিত' নাটখনৰ এখনি প'ষ্টাৰক কেন্দ্ৰ কৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে জনপ্ৰিয় অভিনেতা যতীন বৰা ।
সমালোচনা অনুসৰি প'ষ্টাৰখনত বীৰ লাচিত বৰফুকনৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগবঢ়া যতীন বৰাৰ পোচাক তথা সাজ-সজ্জাত যথেষ্ঠ বিভ্ৰান্তি আছে । প'ষ্টাৰখনত লাচিত বৰফুকনৰূপী যতীন বৰাই মূৰত মৰাপাটৰ বস্তাৰ টুপী, হাতত গামখাৰু, ডিঙিত ঢোলবিৰি পৰিধান কৰিছে । সেয়েহে আহোম পুৰুষে মূৰত টোমৰ দৰে টুপী পৰিধান কৰাৰ বিপৰীতে ফাচুহে পৰিধান কৰে বুলি উল্লেখ কৰি হাতত গামখাৰু , ডিঙিত ঢোলবিৰি পিন্ধিহে লাচিতে শৰাইঘাটলৈ গৈছিল নেকি বুলি বহুজনে প্ৰশ্ন উত্থাপন কৰে ।
ইফালে আহোমসকলৰ ইতিহাস তথা বীৰ লাচিত বৰফুকনৰ ইতিহাস নজনাকৈ কেনেকৈ তেওঁৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ মনস্থ কৰিলে বুলিও সামাজিক মাধ্যমত বহুজনে প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে আন একাংশ অনুৰাগীয়ে এনে প'ষ্টাৰৰ জৰিয়তে অভিনেতাগৰাকীৰ অভিনয় জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি উল্লেখ কৰি সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় । আন একাংশই আকৌ অভিনেতাগৰাকীক সমালোচনা কৰাৰ বিপৰীতে সাজ-সজ্জাৰ দায়িত্বত থকাসকললৈ আঙুলি টোৱাইছে ।
মুঠতে "ৰাঘৱ"ৰ পাচতে পুনৰ এবাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অসমৰ অভিনয় জগতত অগাধ দখল থকা অভিনেতাগৰাকী । ইফালে নাটখনৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যকো সমালোচনাৰ লক্ষ্য কৰি লয় সামাজিক মাধ্যমত । একাংশৰ মতে ব্যৱসায়িক সফলতা, মুনাফা, তথা সহজতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ খোজা 'কপিজিত' হিচাপে দুৰ্নাম থকা নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যই এনে যিকোনো কাম কৰিব পাৰে ।