আজিকালি বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ দ্বিতীয় গৰ্ভধাৰণক লৈ অহৰহ নেটিজেনৰ মাজত চৰ্চা অব্যাহত আছে ৷ যদিও এইবোৰ বিষয়ত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই মৌনতা অৱলম্বন কৰিছে যদিও অনুষ্কা শৰ্মা এইকেইদিন গৰ্ভৱতী হোৱা আৰু দ্বিতীয় সন্তানক আদৰিবলৈ লোৱাৰ খবৰ অহৰহ আহি আছে ৷ উল্লেখ্য যে, অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ সম্প্ৰতি এগৰাকী কন্যা সন্তান আছে যাৰ নাম বামিকা ৷ সম্প্ৰতি এগৰাকী উদ্যোগপতি কৰা এক দাবীয়ে যেন এতিয়া সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে ৷
উদ্যোগপতি বিৰাট-অনুষ্কাৰ সন্দৰ্ভত দাবী কৰিছে যে, অনুষ্কা অতি সোনকালে আন এটি সন্তানৰ মাতৃ হ’বলৈ গৈ আছে ৷ তেওঁলোকৰ সন্তানটো লণ্ডনৰ এখন চিকিৎসালয়ত জন্ম ল’ব পাৰে ৷ বৰ্তমান দম্পতীটোৰ সন্দৰ্ভত কি কি আপডেট আহিছে জানো আহক-
হয়, উদ্যোগপতি হৰ্ষ গোৱেংকাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এটি পোষ্ট শ্বেয়াৰ কৰে ৷ এই পোষ্টটোত অনুষ্কা-বিৰাটৰ নাম নিলিখাকৈ তেওঁ দাবী কৰে যে, তেওঁলোকে অতি সোনকালে দ্বিতীয় সন্তানক আদৰিবলৈ ওলাইছে ৷ অভিনেত্ৰীগৰাকীৰ ডেলিভাৰী ভাৰতত নহয় লণ্ডনত হ’ব পাৰে বুলি তেওঁ উমান দিয়ে ৷ লগতে অভিনেত্ৰীগৰাকীৰ প্ৰসৱৰ আশা কৰা সময়ো তেওঁ জানিবলৈ দিয়ে ৷
উদ্যোগপতিৰ দাবী, অনুষ্কাৰ ডেলিভাৰী লণ্ডনত হ’ব
উদ্যোগপতি হৰ্ষ গোৱেংকাৰ টুইটত লিখা আছে, ‘মাত্ৰ কেইদিনমানৰ ভিতৰতে এটি নতুন কণমানি আহি আছে । প্ৰশ্ন হয় এতিয়া তেওঁ ক্ৰিকেটাৰ পিতৃৰ দৰে দেশখনক এক নতুন উচ্চতালৈ লৈ যাব নে তেওঁ নিজৰ চলচ্চিত্ৰ তাৰকা মাতৃৰ পদাংক অনুসৰণ কৰিব । #Made in India #To be born in London'
এতিয়াও একো নিশ্চিত হোৱা নাই
এতিয়া যদিও উদ্যোগপতিগৰাকীয়ে হয়তো এই পোষ্টটোত বিৰাট কোহলী আৰু অনুষ্কাৰ নাম উল্লেখ কৰা নাই, কিন্তু ক্ৰিকেটাৰ আৰু চলচ্চিত্ৰ তাৰকাগৰাকীৰ নাম উল্লেখ কৰি তেওঁ কাৰ কথা কৈছে তাৰ স্পষ্ট ইংগিত দিছে ৷ অৱশ্যে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ সৈতে জড়িত এই খবৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি ওলোৱা নাই ৷ এনে পৰিস্থিতিত ‘ইটিভি ভাৰতেও’ এই খবৰ নিশ্চিত নকৰে ৷