অসম

assam

By ETV Bharat Entertainment Team

Published : Jul 29, 2024, 3:09 PM IST

ETV Bharat / entertainment

ব্ৰেকআপৰ বাতৰিত তলা লগালে হৃত্বিক-ছাবাৰ মুভী ডেটে - Hrithik Roshan Saba Azad video

Hrithik Roshan Saba Azad video: বহু সময়ৰ মূৰত একেলগে দেখা গ’ল হৃত্বিক-ছাবাক ৷ দেওবাৰে দুয়োকে মুম্বাইত এটা ছবিগৃহলৈ সোমাই যোৱা দেখা যায় ৷

Hrithik Roshan and Saba Azad Enjoy Movie Date, Settle Breakup Speculations - Watch
হৃত্বিক-ছাবা (ANI)

চিটাৰা ডেস্ক, 29 জুলাই :প্ৰায়ে হাতত হাত থৈ খোজকাঢ়ি যোৱা, ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ প্ৰতি মৰম দেখুওৱা এইবোৰ যেন কিছু কমি গৈছিল মাজতে ৷ সঘনাই ৰোমাণ্টিক ধৰণৰ আপডেট আহি থকাৰ পিচত মাজতে সেইবোৰ নাইকিয়া হৈ গ’লে নেটিজেনৰ চকুত ধৰা দিয়াটো স্বাভাৱিক ৷ সামাজিক মাধ্যমত বহু সময় ধৰি হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ একো ভিডিঅ’ অহা নাছিল ৷ সেয়ে বহুতে অনুমান কৰি লৈছিল দুয়োৰে মাজত সকলো চাগৈ সুচাৰু ৰূপে চলি থকা নাই ৷ পিছে নেটিজেনৰ ধাৰণা ভুল ৷

হৃত্বিক ৰোশন আৰু চাবা আজাদে দেওবাৰে নিশা মুভী ডেট উপভোগ কৰে ৷ দুয়োকে ডেডপুল আৰু ৱ’লভাৰিনৰ উপভোগৰ বাবে মুম্বাইৰ পিভিআৰ চিনেমাত উপস্থিত হোৱা দেখা যায় । তেওঁলোকৰ খোজ-কাটল আৰু মৰমৰ ভংগীয়ে তেওঁলোকৰ সম্পৰ্ক এতিয়াও স্বাভাৱিক ৰূপত থকাৰ ইংগিত দিয়ে ৷

হৃতিকে ছাবাক মুভী ডেটলৈ লৈ যোৱা কথাই সকলোধৰণৰ বিভাজনৰ অনুমানৰ ওৰ পেলালে ৷ চলচ্চিত্ৰ প্ৰিমিয়াৰৰ বাবে হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ সময়ত যুটিটোক আকৰ্ষণীয় ৰূপত দেখা যায় । ফাইটাৰ অভিনেতাজন ছাবাৰ আগে আগে গৈ আছিল, ঠিক তেনেকুৱাতে ছাবাই পিছফালৰ পৰা মাত দি হৃত্বিকৰ হাতত ফোন এটা তুলি দিয়ে আৰু খৰকৈ তেওঁৰ কাষলৈ আহি প্ৰেমিকৰ হাতত খামোচ মাৰি ধৰে ।

লগতে পঢ়ক :এখন বিলাসী গাড়ীত অনন্যাৰ ভ্ৰমণ, পাপাৰাজ্জীয়ে জনাইছে শুভেচ্ছা - ananya panday new car

হৃতিকে অলিভ গ্ৰীণ টিৰ ওপৰত ক’লা জেকেট, নীলা জিন্স আৰু অলিভ গ্ৰীণ কেপ পিন্ধে । ছাবাই পিন্ধে নীলা বেগী চাৰ্ট আৰু ক’লা জেগিংছ । দুয়োৰে কেজুৱেল আউটফিট তেওঁলোকৰ সহজ-সৰল মেজাজৰ সৈতে ভালদৰে মিলি গৈছিল । কেজুৱেল সাজ-পোচাকৰ লগতে দুয়োকে মাস্কত দেখা যায় ।

দুটা অনুষ্ঠান অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া আৰু ফাৰাহ খানৰ মাতৃ মেনকা ইৰাণীৰ মৃত্যুত ছাবাৰ অনুপস্থিতি অনুৰাগীয়ে বাৰুকৈয়ে লক্ষ্য কৰে ৷ তাৰ পিচতে ব্ৰেকআপৰ বাতৰি ঘূৰিবলৈ আৰম্ভ কৰে । বাহিৰত আৰু প্ৰায় কেইবাবাৰো ছাবাৰ অবিহনে হৃত্বিকক দেখা পোৱাৰ পিচত বিভাজনৰ জল্পনা-কল্পনা আৰু বৃদ্ধি পাই । ইয়াৰ পূৰ্বে সন্তান আৰু প্ৰাক্তন পত্নী চুছান খানৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ ওলাই যোৱা দেখা গৈছিল হৃতিকক ।

ইয়াৰ উপৰিও এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আঙুলিয়াই দিয়ে যে সঘনাই ছাবা আৰু তেওঁৰ প্ৰচেষ্টাক সমৰ্থন আগবঢ়োৱা হৃতিকে তেওঁৰ শেহতীয়া গীতটোক ৰাজহুৱাভাৱে সমৰ্থন কৰা নাছিল । ফলত কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই সিদ্ধান্তত উপনীত হয় যে তেওঁলোকৰ মাজত হয়তো সকলো ঠিকে নাথাকিবও পাৰে । অৱশ্যে তেওঁলোকৰ শেহতীয়া আউটিঙে এই সকলোবোৰ বাতৰি দূৰ কৰিছে ।

লগতে পঢ়ক :যিমান ৰোমাঞ্চকৰ হ’লেও 'পৰিস্থিতিমূলক' সম্পৰ্কক অপৈণত আখ্যা জাহ্নৱী কাপুৰৰ - Janhvi Kapoor relationship advice

ABOUT THE AUTHOR

...view details