হায়দৰাবাদ :হিন্দুৰ হোলী উৎসৱক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু নৃত্য পৰিচালক ফাৰাহ খানৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ তৰা হৈছে । ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি বিকাশ ফাটকে, যাক হিন্দুস্তানী ভাও বুলি জনা যায়, তেওঁ তেওঁৰ অধিবক্তা আলী কাছিফ খান দেশমুখৰ জৰিয়তে মুম্বাইৰ খাৰ আৰক্ষী থানাত এই অভিযোগ দাখিল কৰে ।
অভিযোগত কোৱা হৈছে যে ফাৰাহ খানে হোলী উদযাপনক ছাপৰিৰ কাৰ্যকলাপ বুলি অভিহিত কৰিছে ৷ ছাপৰি অৰ্থাৎ যি সংস্কৃতিৱান ব্যক্তি নহয়, বেছিভাগেই এই শব্দটো অপমানজনক প্ৰেক্ষাপটত ব্যৱহাৰ কৰা হয় । বিকাশ ফাটকেই কয় যে এই মন্তব্য নিশ্চয় অপমানজনক আৰু হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ প্ৰয়াস ।
অধিবক্তা আলী কাছিফ খান দেশমুখে এনে বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, “মোৰ ক্লায়েণ্টে আৰম্ভণিৰে পৰাই ধৰ্মৰ বিৰুদ্ধে ঘৃণা আৰু অপমানজনক মন্তব্য বিয়পোৱা সকলো ব্যক্তি আৰু সত্তাৰ বিৰুদ্ধে মাত মাতি আহিছে । বলীউড উদ্যোগত উচ্চ মৰ্যাদা থকা বুলি দাবী কৰা লোকসকলৰ কথাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকাটো অতি লজ্জাজনক ।”