গুৱাহাটী :কেৰালাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহলৈ আমন্ত্ৰিত হৈছে এখন অসমীয়া নাটক । বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ ৰচিত শিশু নাটক 'চিকাৰ, দ্য ফৰেজ' মঞ্চস্থ হ’ব কেৰালাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহত । অহা ২৯ ডিচেম্বৰত কেৰেলাৰ পালাকাত মঞ্চস্থ কৰা হ'ব নাটখন । ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ দ্বাৰা প্ৰযোজিত এই নাটকৰ পৰিচালনা বিশিষ্ট নাট্যশিল্পী সীমান্ত ফুকনৰ ।
এখন অৰণ্য, এজাক বগলী, এজন চিকাৰী আৰু এজনী বিদেশী চৰাইৰ চৰিত্ৰ অংকনেৰে সমসাময়িক সামাজিক-ৰাজনৈতিক চিত্ৰ এখন নাট্যকাৰে প্ৰতিভাত কৰিছে নাটখন । অতি সক্ৰিয় মননশীলতাৰে মানুহ-প্ৰকৃতিৰ দ্বন্দ্ব আৰু অস্তিত্বৰ আশাবাদ প্ৰতিষ্ঠা কৰিছে নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে ৷
নাটকখন সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফনিক বাৰ্তালাপত নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে অনুভৱ ব্যাখ্যা কৰি কয়,"চিকাৰ, দ্য ফৰেজ এখন শিশু নাট । ২৯ ডিচেম্বৰত কেৰালাৰ পালাকাত মঞ্চস্থ কৰা হ'ব নাটখন । ইয়াৰ পূৰ্বেও ২০১২ চনমানত কেৰালাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহলৈ মোৰ প্ৰথমখন নাট "ছাঁ" গৈছিল । খুব এটা ভাল অনুভৱ । নাটকখনত প্ৰায় ১৫ গৰাকীমান লৰা-ছোৱালীয়ে অভিনয় কৰিছে । এইটো আমাৰ লগতে অসমৰ বাবে এটা ভাল খবৰ । এখন অসমীয়া নাটক সৰ্বভাৰতীয় পৰ্যায়ত মঞ্চস্থ কৰিবলৈ তেওঁলোকে নিমন্ত্ৰণ কৰিছে ।"
লগতে নাটকখনৰ কাহিনীৰ সন্দৰ্ভত তেওঁ কয়, "সামাজিক-ৰাজনৈতিক দণ্ডৰ আধাৰত শিশু নাটখন ৰচনা কৰা হৈছে । এখন অৰণ্যত এজাক বগলী আৰু এজন চিকাৰী থাকে । চিকাৰীজনে বগলীবোৰ চিকাৰ কৰে, কেতিয়াবা নিজে খাই আৰু কেতিয়াবা বিক্ৰী কৰে । এদিনাখন সেই বগলীৰ অৰণ্যলৈ বিদেশী চৰাই এজনী আহে আৰু চৰাইবোৰৰ ওপৰত অত্যাচাৰ কৰে । যাৰ ফলত বগলীবোৰ চিকাৰী আৰু বিদেশী চৰাইজনীৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হয় । এজনী বিদেশী চৰাইৰ চৰিত্ৰ অংকনেৰে সমসাময়িক সামাজিক-ৰাজনৈতিক চিত্ৰ এখন নাটকখনত অংকন কৰা হৈছে । সীমান্ত ফুকনৰ নান্দনিক পৰিচালনাৰে নাটকখনে সৰ্বভাৰতীয় মহলত অসমীয়া নাটকৰ গৌৰৱ অক্ষুন্ন ৰাখিব বুলি আশাবাদী নাট্যকাৰগৰাকী ।
লগতে পঢ়ক :অভিনেত্ৰী-কণ্ঠশিল্পী জ্ঞানদা কাকতি গুৰুতৰভাৱে অসুস্থ