চিটাৰা ডেস্ক, 6 মে’ :কংগনা ৰনৌতে ছ’চিয়েল মিডিয়াত নিজকে অমিতাভ বচ্চনৰ সৈতে তুলনা কৰি আকৌ এবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে । কুইন অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁ চলচ্চিত্ৰ উদ্যোগত কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ দৰে সম পৰিমাণৰ মৰম আৰু সন্মান অৰ্জন কৰিছে । অভিনয়ৰ পৰা ৰাজনীতিলৈ মন মেলা কংগনা হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দাবীদাৰ ।
কংগনাই নিৰ্বাচনী ৰেলীৰ সময়ত ভাষণ দি থাকোতে এই মন্তব্য কৰিছিল । এতিয়া ভাইৰেল হৈ পৰা ভিডিঅ’টোত তেওঁক এইদৰে কোৱা দেখা গৈছে, "চাৰা দেশ হেৰান হে, কি ৱো বেটি.. ৱো কংগনা, চাহে মে ৱেষ্ট বেংগল চলি যাও, চাহে মে দিল্লী চলি যাও, চাহে মে মণিপুৰ চলি যাও, এইছা লগতা হে কি মানো ইতনা প্যাৰ আৰু ইতনা সম্মান... মে দাৱে চে কেহ সকতি হু কে অমিতাভ বচ্চন জীকে বাদ আজ কিচিকো ইণ্ডাষ্ট্ৰী মে ইতনা সম্মান মিলতা হে, তো ৱো মুঝে মিলতা হে ।" (ৰাজস্থান, পশ্চিমবংগ, দিল্লী, মণিপুৰকে ধৰি সমগ্ৰ দেশতে মৰম আৰু সন্মানৰ ভাব বিৰাজ কৰিছে । মই নিশ্চিতভাৱে ক’ব পাৰো যে, অমিতাভ বচ্চন জীৰ পিচত উদ্যোগটোৰ কোনোবাই যদি এনে মৰম আৰু সন্মান পায়, তেন্তে সেয়া মই ।)
ভাইৰেল ভিডিঅ’টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কিংবদন্তি অভিনেতাগৰাকীৰ সৈতে নিজকে তুলনা কৰি কৰা তেওঁৰ বক্তব্যৰ ওপৰত সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি এজন এক্স ইউজাৰে লিখিছে- কংগনাৰ শেষ হিট ছবিখন ২০১৫ চনত আহিছিল আৰু তাৰ পিচত তেওঁ বেক টু বেক ১৫খন ফ্লপ ছবি দিছিল । এতিয়া তেওঁ নিজকে অমিতাভ বচ্চনৰ লগত তুলনা কৰিছে 😂😂"