চিটাৰা ডেস্ক, 23 এপ্ৰিল :সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছেবলীউডৰ প্ৰখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ আহিবলগীয়া ৱেব ছিৰিজ হীৰামাণ্ডীয়ে ৷ ছিৰিজটোৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচতেই অনুৰাগীয়ে প্ৰশংসাৰে উপচাই পেলাইছে ৷ ইয়াৰ সমান্তৰালকে ছিৰিজিটোত দেখুওৱা ৰাজকীয় ছেটটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালী ৰজকীয়ে ছেটৰ বাবে জনাজাত ৷ দেৱদাস ছবিখনৰ পৰা গংগুবাই কাঠিয়াৱাড়ী চলচ্চিত্ৰত পৰিচালকগৰাকীয়ে দেখুওৱা ৰাজকীয় ছেটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷
এইবাৰ পুনৰ চৰ্চা লাভ কৰিছে পৰিচালকগৰাকীৰ 'হীৰামাণ্ডী-দ্য ডায়মণ্ড বজাৰ'ৰ ছিৰিজৰ ছেটে ৷ এই ছিৰিজখনৰ গীত আৰু ট্ৰেইলাৰ চোৱাৰ পিচত স্পষ্টকৈ ওলাই পৰিছে যে, পৰিচালকগৰাকীয়ে পুনৰ তেওঁৰ ৰাজকীয় ছেটক পুনৰাবৃত্তি কৰিছে । জানিব পৰা অনুসৰি, হিৰামাণ্ডীৰ মুক্তিৰ পূৰ্বে পৰিচালকগৰাকীয়ে এই ছবিখনৰ ছেটটো প্ৰস্তুত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে ৷
এক সাক্ষাৎকাৰত, সঞ্জয় লীলা ভাঞ্চালীয়ে ছবিখনৰ ছেটৰ বিষয়ে সোধা প্ৰশ্নত মুকলিকৈ কয় যে, তেওঁৰ কেৰিয়াৰত এইটো সৰ্ববৃহৎ ছেট ৷ হীৰামাণ্ডীৰ ছেটটো 3 একৰজোৰা ভূমিত নিৰ্মাণ কৰা হৈছে ৷ 60 হাজাৰতকৈও অধিক কাঠৰ তক্তাৰে তৈয়াৰ কৰা হৈছিল এই ছেটটো ৷ 700 গৰাকী শ্ৰমিকে প্ৰায় 7 মাহ সময় ধৰি কাম কৰি এই ছেটটো নিৰ্মাণ কৰিছিল ৷