গুৱাহাটী, 4 জুলাই :নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতি । বিজ্ঞান শাখাৰ ছাত্ৰ হৈ ডাক্তৰ বা ইঞ্জিনীয়াৰ হোৱাৰ পৰিৱৰ্তে পৰিচালক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে সুব্ৰত কাকতি । জনপ্ৰিয় "বিদুৰভাই" ৱেব চিৰিজখনৰ জৰিয়তে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা সুব্ৰত কাকতিৰ পৰিচালনাৰে এইবাৰ "বিদুৰভাই" আহিব ডাঙৰ পৰ্দালৈ । যি কথাই এতিয়া উৎসাহিত কৰি তুলিছে "বিদুৰভাই"ৰ দৰ্শকসকলক । দৰাচলতে "বিদুৰভাই" ৱেব চিৰিজখন মুক্তিৰ পাচত "বিদুৰভাই" চিজন ২ ৰ বাবে অপেক্ষা কৰি আছিল দর্শকে । অৱশেষত চলিত বৰ্ষৰ আৰম্ভণিতে ঘোষণা কৰা হয় "বিদুৰভাই" দ্বিতীয় চিজনৰ পৰিৱৰ্তে ছবি নিৰ্মাণৰ কথা ।
চলিত বৰ্ষৰ ১৯ জুলাইত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা প্ৰথমখন ছবি হৈছে "শ্ৰী ৰঘুপতি"। বিদুৰভাই ৱেব চিৰিজখনৰ পূৰ্বে আৰম্ভ হৈছিল বিগত বৰ্ষৰ চুপাৰহিট অসমীয়া ছবি "শ্ৰী ৰঘুপতি"ৰ কাম । কিন্তু কিবা এটা কাৰণত ছবিখনৰ মুক্তিত পলম হোৱাৰ বাবে "বিদুৰভাই" বেৱ চিৰিজখন "শ্ৰী ৰঘুপতি" ৰ পূৰ্বে মুক্তি দিয়া হয় । পৰিচালনাৰ যাত্ৰাৰ আৰম্ভণিৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, ‘মই কোনো অনুষ্ঠানিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পৰিৱৰ্তে মই বিয়াৰ ফটো আৰু ভিডিঅ’গ্ৰাফী কৰা আৰম্ভ কৰিলোঁ । তাৰ পৰা মই কেমেৰাৰ সম্পৰ্কে জানিবলৈ এই কাম আৰম্ভ কৰিলোঁ । লগতে মিউজিক ভিডিঅ’ৰ কাম কৰিবলৈ ললো । তেনেকৈয়ে শিকি শিকি আজি এনেকুৱা এটা পৰ্যায়ত থিয় হ’ব পাৰিছো । এতিয়াও শিকি আছো ।’