অসম

assam

জীয়েকৰ বিয়ালৈ পুতেকক আনিব নোৱাৰিলে বাপেকে, এতিয়া কৈছে সমালোচনাকাৰী… - ZAHEER IQBAL luv sinha equation

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 1:42 PM IST

Zaheer Iqbal Luv Sinha equation: লৱ সিন্হাই সোণাক্ষী-জাহীৰৰ বিয়াত নিজৰ অনুপস্থিতিৰ কথা প্ৰকাশ কৰাৰ পাচতেই শত্ৰুঘ্ন সিন্হাই দুয়োকে ‘মেড ফৰ ইচ আডাৰ’ যুটি বুলি অভিহিত কৰিছে ৷ তেওঁ লগতে কয়, ‘সমালোচনাকাৰী যিসকল সুখী নহয়...’।

Days after Luv Sinha Admits to Skipping Sonakshi-Zaheer's Wedding, Shatrughan Sinha Says, 'Naysayers Who Are Not Happy...'
কন্যাৰ বিয়াক লৈ সুখী পিতৃ ((ANI))

চিটাৰা ডেস্ক, 3 জুলাই : আন্তঃধৰ্মীয় বিয়াখন সন্দৰ্ভত দেখিবলৈ পোৱা ট্ৰ’ল আৰু বিয়াত অসন্তুষ্ট লোকসকলৰ বিষয়ে অৱশেষত মুকলিকৈ কয় শত্ৰুঘ্ন সিন্হাই । প্ৰবীণ অভিনেতাজনে তেওঁৰ অস্ত্ৰোপচাৰৰ ভিত্তিহীন বাতৰিৰ ওপৰতো আলোকপাত কৰে ।

জাহীৰ ইকবালৰ সৈতে কন্যা সোণাক্ষী সিন্হাৰ বিয়াৰ ঠিক পিচতেই মুম্বাইৰ কোকিলাবেন হাস্পতাললৈ অহা-যোৱা কৰা দেখি বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশিত হৈছিল ৷ ইয়াৰ মাজতে শত্ৰুঘ্ন সিন্হা হাস্পতালত ভৰ্তি হোৱাৰ কথা পোহৰলৈ আহে ৷ তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতা-ৰাজনীতিবিদ শত্ৰুঘ্ন সিন্হাই । চোফাৰ পৰা পৰি অস্ত্ৰোপচাৰ কৰাৰ খবৰ নস্যাৎ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে ।

নিউজ পৰ্টেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, “আৰে ভাই, মোৰেই অস্ত্ৰোপচাৰ হৈছে আৰু মই নিজেই গম নাপাওঁ ।” সিন্হাই স্পষ্ট কৰি দিয়ে যে, তেওঁক কেৱল শৰীৰৰ ৰুটিন পৰীক্ষাৰ বাবেহে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ তেওঁৰ বয়স ৬০ বছৰ অতিক্ৰম কৰিছে আৰু তেওঁৰ জীৱনৰ গতি এতিয়া লেহেমীয়া কৰাটো প্ৰয়োজন ।

লগতে পঢ়ক :কি কাৰণে ভনীয়েক সোণাক্ষীৰ বিয়াত উপস্থিত নাথাকিল ককায়েক লৱ সিন্হা; অৱশেষত ভংগ কৰিলে নীৰৱতা - Luv Sinha on Sonakshi Wedding

"যোৱা তিনি মাহ ধৰি, মই মোৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে নিৰন্তৰ ভ্ৰমণ কৰি আছোঁ আৰু তাৰ ঠিক পিচতেই মোৰ ছোৱালীৰ বিয়া হয় । মই এতিয়া সেই একেই গৰম তেজৰ সক্ৰিয় যুৱক নহয়, যেতিয়া মই এদিনত তিনিটা ছিফ্টত কাম কৰিব পাৰিছিলো আৰু তাৰ পাচতো নিশা দুপৰলৈকে পাৰ্টী কৰিবলৈ শক্তি আছিল," সিন্হাই দৃঢ়তাৰে কয় ।

ইয়াৰ লগতে সিন্হাই সোণাক্ষীৰ বিবাহক লৈ সুখ প্ৰকাশ কৰে । অভিনেতাগৰাকীয়ে কয় যে, "এই সকলোবোৰ ভালেই হৈ গ'ল । সৰ্বশক্তিমানৰ কৃপাত মোৰ ছোৱালীজনী এতিয়া সুখী বিবাহিতা । সুখী নহয় বুলি কোৱা সমালোচনাকাৰীসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকক মোৰ ক'বলগীয়া একো নাই ।"

বিয়াখন বাদ দিয়াৰ সন্দৰ্ভত লৱে কৰা মন্তব্যৰ পিচতে এই কথা প্ৰকাশ পাইছে । ছ’চিয়েল মিডিয়াত এটা পোষ্টত লৱ সিন্হাই নিজৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ বুজাই দি কয় যে, যিয়েই নহওক কিয় কিছুমান বিশেষ মানুহৰ সৈতে তেওঁ মিলা-মিছা কৰিব নোৱাৰে ৷

২৩ জুনত মুম্বাইৰ নিজৰ বান্দ্ৰা ফ্লেটত দীৰ্ঘদিনীয়া সংগী জাহীৰ ইকবালৰ সৈতে এক অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় সোণাক্ষী সিন্হা । নৱবিবাহিত দুয়োৱে দাদৰৰ বাষ্টিয়ানত এক আড়ম্বৰপূৰ্ণ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে । আন্তঃধৰ্মীয় বিয়াখন এক বহুচৰ্চিত বিষয় হৈ পৰে ৷ চাৰিওফালৰ পৰা ট্ৰ’ল কৰে দুয়োকে । অৱশ্যে ইয়াৰ মাজত শুভেচ্ছাও জনাই বহুতে ৷ ঋণাত্মক পৰিৱেশ আঁতৰাই চলিবলৈ নৱবিবাহিত দম্পতীয়ে আনকি ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ ছবিৰ কমেণ্ট ছেকশ্যনো অক্ষম কৰি ৰাখিছে ।

লগতে পঢ়ক :জাহীৰ কোনটো শ্ৰেণীত পৰে- গ্ৰীণ ফ্লেগ নে ৰেড ফ্লেগ ? - sonakshi praises zaheer

ABOUT THE AUTHOR

...view details