চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী:পূৰ্ণগতিত চিত্ৰগ্ৰহণ চলি আছে অসমীয়া ছবি ‘বীৰাঙ্গনা সাধনী’ৰ ৷ ইয়াৰ মাজতে এতিয়া ইয়াৰ সৈতে জড়িত আন এক সুখবৰ আহিছে । ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা ছবি ‘বীৰঙ্গনা সাধনী’ৰ ডাব হ’ব হিন্দী, তামিল, তেলুগু আৰু বঙালী ভাষাত ।
বলীউডৰ এটি আগশাৰীৰ প্ৰডাকশ্যন হাউছে ‘বীৰাঙ্গনা সাধনী’ৰ চিত্ৰগ্ৰহণৰ কিছু ফুটেজ দেখিয়েই ছবিখন সমগ্ৰ ভাৰতবৰ্ষত হিন্দী, তামিল, তেলুগু আৰু বঙালী ভাষাত মুক্তি দিয়াৰ বাবে আগবাঢ়ি আহিছে । সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিছে নিৰ্মাতাগোষ্ঠীৰ । যি খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ছবিপ্ৰেমী ৰাইজক ।
উল্লেখযোগ্য যে, অসমীয়া ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ থকা বীৰাঙ্গনা সকলৰ ভিতৰত অন্যতম হৈছে বীৰাঙ্গনা সতী সাধনী । বীৰাঙ্গনাৰ সতী সাধনীৰ জীৱনগাথা তথা ত্যাগৰ কাহিনীৰে নিৰ্মাণ হৈ আছে বিশ্বজিৎ বৰাৰ ‘বীৰাঙ্গনা সাধনী’ । প্ৰায় ৮-১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ছবিখনত তিনিটা পৰ্যায়ত যুদ্ধৰ দৃশ্যাংশ থাকিব । ইতিমধ্যে ছবিখনৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণৰ সফল ভাৱে সমাপ্তি ঘটিছে ।