অসম

assam

By ETV Bharat Entertainment Team

Published : Aug 5, 2024, 11:07 AM IST

ETV Bharat / entertainment

একেটা অনুষ্ঠানতে সুহানা-আৰিয়ানৰ সৈতে তেওঁলোকৰ কথিত প্ৰেমিক-প্ৰেমিকা - Aryan Suhana attend a event

Aryana and Suhana spotted together : মুম্বাইৰ এটা অনুষ্ঠানত আৰিয়ান আৰু সুহানা খানৰ লগতে দেখা গ’ল তেওঁলোকৰ সৈতে প্ৰেমৰ বাতৰিৰে নাম সাঙোৰ খাই থকা লাৰিছা বনেছি আৰু অগস্ত্য নন্দাক ৷ নিজৰ ফেশ্বন ষ্টেটমেণ্টেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আৰিয়ান-সুহানাই ফটোৰ বাবে প’জ দিয়ে ৷

Aryan and Suhana Khan Shine at Mumbai Event Alongwith Rumoured Partners Larissa Bonesi and Agastya Nanda - Watch
আৰিয়ান খান আৰু সুহানা খান (ANI)

চিটাৰা ডেস্ক, 5 আগষ্ট :দেওবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ষ্টাইলত উপস্থিত হয় বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খানৰ পুত্ৰ আৰিয়ান খান আৰু লগতে তেওঁৰ ভগ্নী সুহানা খান । আমোদজনক কথাটো হ’ল, সেই অনুষ্ঠানটোত আৰু দুগৰাকী ব্যক্তিৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ আৰিয়ানক ডেট কৰি আছে বুলি জনাজাত ব্ৰাজিলিয়ান অভিনেত্ৰী-মডেল লাৰিছা বনেছিৰ লগতে সুহানাৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ নাতি অগস্ত্য নন্দা উপস্থিত আছিল এই অনুষ্ঠানত । আৰিয়ান আৰু সুহানাই ষ্টাইলিছ লুকেৰে উপস্থিত দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰে ।

মুম্বাইস্থিত পাপাৰাজ্জীৰ দ্বাৰা পোষ্ট কৰা এটা ভিডিঅ'ত, আৰিয়ানক সাধাৰণ ক’লা প্ৰিণ্টেড টি-চাৰ্ট, গ্ৰে ট্ৰাউজাৰ আৰু ডেনিম জেকেট পিন্ধা দেখা যায় । আনহাতে, সুহানাই বডি-হাগিং মেক্সি পোছাকত দৃষ্টি আকৰ্ষণ কৰিছিল । আৰিয়ান-সুহানা ব্যক্তিগত জীৱন সম্পৰ্কে শেহতীয়াকৈ বহু আলোচনা-বিলোচনা চলিছে ৷ তেওঁলোকৰ প্ৰেমিক-প্ৰেমিকা বুলি জনাজাত লাৰিছা-অগস্ত্যয়ো দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷ লাৰিছা বনেছিক চুটি ক'লা পোছাকত আকৰ্ষণীয় লাগিছিল, আনহাতে অগস্ত্য নন্দাই অনুষ্ঠানটোলৈ বগা চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি গৈছিল ।

লগতে পঢ়ক :গৌৰী খানৰ ৰেস্তোঁৰাত ৰঙা সাজেৰে উপস্থিত পুত্ৰৰ প্ৰেমিকা - Aryan Khan dating Larissa

আৰিয়ান, সুহানা, লাৰিছা আৰু অগস্ত্যৰ মাজৰ প্ৰেমৰ সম্পৰ্কে ছ’চিয়েল মিডিয়াত বহু আলোচনা চলি আছে যদিও এই উৰাবাতৰি কোনেও ৰাজহুৱাভাৱে সম্বোধন কৰা নাই । পেছাদাৰী দিশত আৰিয়ানে নিজেই লিখা আৰু শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে বেংকৰোল কৰা ধাৰাবাহিক ষ্টাৰডমৰ জৰিয়তে পৰিচালনাৰ ক্ষেত্ৰখনত অভিষেক কৰিবলৈ সাজু হৈছে । ইয়াৰ বিপৰীতে জোয়া আখতাৰৰ দ্য আৰ্চিজত কথিত প্ৰেমিক অগস্ত্য নন্দৰ সৈতে অভিষেক ঘটোৱাৰ পিচত আগন্তুক ছবি দ্য কিঙত তেওঁৰ পিতৃ এছ আৰ কেৰ সৈতে অভিনয় কৰিব সুহানাই ।

লগতে পঢ়ক :বিগ বিৰ নাতিয়েকৰ সৈতে কিং খানৰ কন্যাৰ প্ৰেম - suhana khan love life

প্ৰেম আছে কিন্তু মানুহৰ আগত নহয়, চকুৰ আঁৰতহে - aryan khan rumoured gf

ABOUT THE AUTHOR

...view details