চিটাৰা ডেস্ক, 17 জুলাই :বলীউড অভিনেতা অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চনে একেলগে এটা প্ৰকল্পৰ দৃশ্যগ্ৰহণ কৰি আছে । দৃশ্যগ্ৰহণৰ ছেটৰ পৰা ওলাই আহি বিগ বিয়ে জয়া বচ্চনৰ বাবে ছাতি ধৰি থকা এখন ফটো শ্বেয়াৰ কৰিছে । আচলতে বৰ্তমান মুম্বাইত প্ৰচণ্ড বৰষুণ হৈ আছে যাৰ বাবে বহু লোক চিন্তিত হৈ পৰিছে । এই মুষলধাৰ বৰষুণৰ মাজতে বিগ বিয়ে সকলোকে যত্ন সহকাৰে থাকিবলৈ কৈছে আৰু মুম্বাইত বাৰিষা ঋতুত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে ৷
পত্নী জয়াৰ সৈতে ফটো শ্বেয়াৰ কৰিলে অমিতাভ বচ্চনে
বিগ বিয়ে পত্নী জয়াৰ সৈতে নিজৰ এখন ৰোমান্টিক ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, য’ত তেওঁ পত্নী জয়াৰ বাবে ছাতি ধৰি আছে । ফটোখনৰ লগত তেওঁ কেপশ্যনত লিখিছে, ‘আৰু প্ৰতিদিনে বৰষুণ হয়.. আনকি কৰ্মস্থলীতো ।’ তেওঁ নিজৰ ব্লগত আৰু লিখে, ‘আৰু গোটেই দিনটো বৰষুণ দিয়ে থাকিল... আনকি কৰ্মক্ষেত্ৰতো... যেতিয়া সকলো শিল্পী পানীৰ মাজেৰে পাৰ হৈ গৈ আছিল, তেতিয়া তেওঁলোকৰ মাজত কেৱল ছাতিহে দেখা গৈছিল আৰু বেছিভাগেই কাম উপভোগ কৰি আছিল ।’ তেওঁ আৰু লগতে লিখিছে, ‘বৰষুণে গ্ৰীষ্মকালৰ পৰা সকাহ দিয়ে যদিও ই ধ্বংসলীলাৰো সৃষ্টি কৰে ।’