হায়দৰাবাদ : হায়দৰাবাদৰ ছবিগৃহত পদপিষ্ট গোচৰত নিম্ন আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা জনপ্ৰিয় টলিউড অভিনেতা আল্লু অৰ্জুন অৱশেষত শনিবাৰে পুৱা কাৰাগাৰৰ পৰা ওলাই আহে । তেলেংগানা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে তেওঁৰ চলচ্চিত্ৰ ‘‘পুষ্পা ২ : দ্য ৰুল’’ৰ প্ৰিমিয়াৰৰ সময়ত সংঘটিতপদপিষ্টৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ।
অৱশ্যে উচ্চ ন্যায়ালয়ৰ সকাহ সত্ত্বেও জনপ্ৰিয় অভিনেতাগৰাকীয়ে নিশাটো কাৰাগাৰতে কটাবলগা হয় । কিয়নো কাৰাগাৰ কৰ্তৃপক্ষই শুকুৰবাৰে সময়মতে জামিনৰ প্ৰতিলিপি লাভ কৰা নাছিল ।
মই আইন মানি চলিম: আল্লু অৰ্জুন
ইফালে চঞ্চলগুড়া কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত আল্লু অৰ্জুন জুবিলি হিলছত থকা তেওঁৰ বাসগৃহত উপস্থিত হয় । পিছত তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে । লগতে এই সময়ত তেওঁৰ কাষত থিয় দিয়া সকলো অনুৰাগীক ধন্যবাদ জনায় ।
"মই এগৰাকী আইনৰ প্ৰতি আনুগত্য থকা নাগৰিক । মই আইন মানি চলিম। মই পুনৰবাৰ ভুক্তভোগী পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছো । যেতিয়া মই ছবিখন চাবলৈ গৈছিলো তেতিয়া ঘটনাটো অপ্ৰত্যাশিতভাৱে ঘটিছিল । এইটো ইচ্ছাকৃত নাছিল । মই ২০ বছৰ ধৰি ছবিগৃহলৈ গৈ ছবি চাই আছো । কেৱল মোৰে নহয়, মই মোৰ খুৰাৰ ছবিও চাইছো । ভুক্তভোগীৰ পৰিয়ালৰ ক্ষতি অপূৰণীয় । মোৰ কাষত মৰম আৰু আৱেগেৰে থিয় দিয়া সকলোকে ধন্যবাদ । মই ভালে আছোঁ । কোনো চিন্তিত হোৱাৰ প্ৰয়োজন নাই ।" আল্লু অৰ্জুনে কয় ।
অধিবক্তাৰ সৈতে আলোচনা
আনহাতে, কাৰাগাৰৰ পৰা মুকলি হোৱাৰ লগে লগে আল্লু অৰ্জুন গীতা আৰ্টছ কাৰ্যালয়ত উপস্থিত হয় । অধিবক্তাৰ এটা দল তালৈ গৈ তেওঁৰ গোচৰটো সন্দৰ্ভত আলোচনা কৰে । আল্লু অৰ্জুনে অধিবক্তা নিৰঞ্জন ৰেড্ডীৰ সৈতে ৪৫ মিনিট সময় গোচৰটোৰ বিষয়ে আলোচনা কৰে । তেওঁলোকে জামিন লাভৰ পিছতো তেওঁৰ মুক্তিত পলম হোৱাৰ বিষয়ে আলোচনা কৰে । তাৰ পিছত আল্লু অৰ্জুনে কাৰ্যালয়ৰ পৰা ওলাই আহি তেওঁৰ বাসগৃহলৈ যায় ।
আৱেগিক আল্লু অৰ্জুন
ইফালে তেওঁ গৈ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে পৰিয়ালৰ সদস্যসকলে আদৰণি জনায় । আল্লু অৰ্জুনে তেওঁৰ পুত্ৰ আৰু কন্যাক কোচত তুলি লৈ আৱেগিক হৈ পৰে । আনহাতে, তেওঁৰ পত্নী স্নেহাই তেওঁক সাৱটি ধৰি চকুপানী টোকা দেখা যায় ।
উল্লেখ্য যে, এই হাইপ্ৰফাইল গ্ৰেপ্তাৰৰ ঘটনাত তেলেংগানাৰ শাসনাধিষ্ঠিত কংগ্ৰেছক বিজেপি আৰু বি আৰ এছে তীব্ৰ আক্ৰমণ কৰাৰ লগে লগে এক ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হয় । তাৰকাগৰাকীৰ প্ৰতি দেখুওৱা আচৰণত বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ বিপৰীতে টি পি চি চিৰ সভাপতি মহেশ কুমাৰ গৌড়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে আইন সকলোৰে বাবে সমান আৰু আইনে নিজৰ পথ ল'ব ।
ইফালে নতুন দিল্লীত আজটকৰ এক অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে আইন সকলোৰে বাবে সমান । "মৃত্যু হোৱা মহিলাগৰাকীৰ বিষয়ে বা কমাত থকা তেওঁৰ পুত্ৰৰ বিষয়ে কোনেও মাত মতা নাই । ক’মাৰ পৰা সাৰ পোৱাৰ পিছত তেওঁৰ ওচৰত মাতৃ নাথাকিব ।" তেওঁ লগতে কয় ।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীৰ বাসগৃহলৈ যেতিয়া আহিছিল তেতিয়া কিছু নাটকীয় ঘটনা দেখিবলৈ পোৱা গৈছিল । সেই সময়ত তেওঁক এজন আৰক্ষীৰ সৈতে তৰ্ক কৰা আৰু তেওঁৰ শোৱনি কোঠালৈ অহাৰ বাবে তেওঁলোকৰ ওপৰত আপত্তি দৰ্শোৱা দেখা গৈছিল ।
"এইটো নিশ্চিতভাৱে ভাল কথা নহয় ।" তেওঁ এনেদৰে কোৱা শুনা গৈছিল । অৱশ্যে ছুপাৰ ষ্টাৰ আল্লুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চিক্কাডপাল্লি আৰক্ষী থানালৈ লৈ যায় । আনহাতে, হঠাতে সংঘটিত এই ঘটনাই তেওঁৰ অনুৰাগীসকলক হতবাক কৰি তোলাৰ লগতে আৰু অন্যান্যসকলকো আচৰিত কৰে ।
ইয়াৰ পিছত তেওঁক নামপল্লী আদালতত হাজিৰ কৰোৱা হয় । উল্লেখ্য যে এই আদালতেই তেওঁক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ইফালে তেওঁক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে কাৰাগাৰলৈ লৈ যোৱা হয় ।
উল্লেখ্য যে ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত অনুষ্ঠিত পুষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়ত এগৰাকী ৩৫ বছৰীয়া মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই অনুষ্ঠানত আল্লু অৰ্জুন উপস্থিত আছিল আৰু তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীয়ে ব্লকবাষ্টাৰ ছবিখনৰ প্ৰিমিয়াৰত অভিনেতাগৰাকীক এবাৰ ওচচৰ পৰা দৰ্শনৰ বাবে হেতা-ওপৰা লগাইছিল । যাৰ ফলত পদপিষ্টৰ ঘটনাটো সংঘটিত হয় ।
এই ঘটনাটোৰ পিছত মহানগৰ আৰক্ষীয়ে নিগত মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত চিক্কাডপল্লী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) বিভিন্ন ধাৰাৰ অধীনত আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তা দল আৰু থিয়েটাৰ মেনেজমেণ্টৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।
ইফালে আল্লু অৰ্জুনে ১১ ডিচেম্বৰত তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰখন বাতিল কৰাৰ বাবে আবেদন কৰে । আনহাতে, স্থানীয় আদালতে অৰ্জুনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ অলপ পিছতে শুকুৰবাৰে উচ্চ ন্যায়ালয়ে তেওঁক চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে আৰু গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা বছৰ ২১ জানুৱাৰী নিৰ্ধাৰণ কৰে ।
আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে কয় যে অভিনেতাগৰাকী ভাল ব্যৱহাৰৰ যোগ্য । আনহাতে, বি আৰ এছৰ কাৰ্যকৰী সভাপতি কে টি ৰামা ৰাৱে তাৰকাগৰাকীক 'সাধাৰণ অপৰাধী'ৰ দৰে ব্যৱহাৰ কৰাৰ বাবে চৰকাৰক সমালোচনা কৰে ।
কিন্তু এই সমালোচনাৰ উত্তৰ দি গৌড়ে কয়, "সাধাৰণ মানুহেই হওক বা চেলিব্ৰিটি, আইন সকলোৰে বাবে প্ৰযোজ্য । আইন সকলোৰে বাবে সমান । অৰ্জুনে আৰক্ষীক সঠিক খবৰ প্ৰদান অবিহনে আহিব নালাগিছিল । ইয়াৰ দ্বাৰা এটা মূল্যৱান জীৱন গৈছে । আইনে নিজৰ পথ ল'ব ।"
ইফালে ঘটনাটোত এক টুইষ্ট সংযোগ কৰি নিহত মহিলাগৰাকীৰ স্বামীয়ে শুকুৰবাৰে যে তেওঁ এই দুৰ্ঘটনাটোৰ বাবে আল্লু অৰ্জুনৰ দোষ বিচাৰি পোৱা নাই ।
তেওঁ লগতে কয় যে ঘটনাটো সন্দৰ্ভত তেওঁৰ গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ সাজু ।