মুম্বাই :আজি, ১ নৱেম্বৰত ৫১ সংখ্যক জন্মদিন উদযাপন কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ড তথা বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে । প্ৰায় ৩ দশক ধৰি চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ থকা ঐশ্বৰ্যই নিজৰ কেৰিয়াৰৰ সময়ছোৱাত বহু স্মৰণীয় ছবি আগবঢ়াইছে । ১৯৯৪ চনত মিছ ৱৰ্ল্ডৰ মুকুটো তেওঁ লাভ কৰে । কিন্তু আপোনালোকে জানেনে, ঐশ্বৰ্যই কেতিয়াও অভিনেত্ৰী হ’ব বিচৰা নাছিল । হয়, তেওঁৰ হেঁপাহ আছিল চিকিৎসক হোৱাৰ । কিন্তু ভাগ্যৰ পাকচক্ৰত ঐশ্বৰ্যই বাট ল’লে চিনেমা জগতৰ ফালে ৷ নভবাকৈয়ে বাট বোলা ক্ষেত্ৰ এটাত প্ৰমাণিত হ’ল এগৰাকী সফল অভিনেত্ৰী হিচাপে ৷
এইদৰেই অভিনেত্ৰী হৈ পৰিল ঐশ্বৰ্য
জুনিয়ৰ কলেজৰ দিনত ফটো সাংবাদিক অধ্যাপকে তেওঁক ফেশ্বন ফিছাৰৰ বাবে নিৰ্বাচিত কৰাৰ পিছত শ্ব’বিজত সোমাই পৰে ঐশ্বৰ্য ৷ ফেশ্বন ফিছাৰৰ বাবে নিৰ্বাচিত হোৱাৰ ফলত পিছলৈ এই ক্ষেত্ৰত বহু সুযোগ লাভ কৰিবলৈ লয় তেওঁ । অৱশ্যে ঐশ্বৰ্যই যে চিকিৎসক হ’ব বিচাৰিছিল, সেই কথা অতি কম সংখ্যক লোকেহে জানে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা পুৰণি ভিডিঅ’ য’ত অভিনেত্ৰীগৰাকীয়ে শ্ব’বিজত প্ৰৱেশ কৰাৰ কথা কয় । তেওঁৰ এই যাত্ৰা জুনিয়ৰ কলেজৰ দিনতে আৰম্ভ হয় বুলি উল্লেখ কৰে তেওঁ । তেওঁ প্ৰকাশ কৰে যে তেওঁৰ পৰিয়ালৰ কোনো লোক চিনেমা জগতৰ সৈতে জড়িত নহয় । সেইবাবেই তেওঁৰ সমগ্ৰ মনোযোগ পঢ়া-শুনাত আছিল ৷ তেওঁৱো বিচাৰিছিল যাতে পৰিয়ালৰ অন্য সদস্যসকলৰ দৰে কঠোৰ পৰিশ্ৰম কৰি, ডিগ্ৰী লাভ কৰি চিকিৎসা বিজ্ঞানত কেৰিয়াৰ গঢ়িব পাৰো ।