অসম

assam

ETV Bharat / entertainment

পৃথকে উপস্থিত হৈয়ো বিয়াৰ ভিডিঅ’ত একেলগে ওলাল ঐশ্বৰ্য-অভিষেক

Aishwarya Rai Abhishek Bachchan: জামনগৰত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ হস্তাক্ষৰ অনুষ্ঠানত কন্যা আৰাধ্যাৰ সৈতে আনন্দৰে থকা দেখা গ’ল অভিষেক-ঐশ্বৰ্যক ।

By ETV Bharat Entertainment Team

Published : Oct 14, 2024, 2:27 PM IST

Aishwarya Rai Abhishek Bachchan candid moment from Anat Radhika wedding documentary watch
আৰাধ্যৰ সৈতে ঐশ্বৰ্য-অভিষেক (Photo : IANS)

চিটাৰা ডেস্ক, 14 অক্টোবৰ :অনন্ত-ৰাধিকাৰ হস্তাক্ষৰ অনুষ্ঠানৰ তথ্যচিত্ৰ ভেলী অফ গডছ, জামনগৰ জিঅ’ চিনেমাত প্ৰচাৰিত হৈছে । যাৰ টিজাৰ ভিডিঅ’ জিঅ’ চিনেমাৰ ইউটিউব চেনেলত মুকলি কৰা হৈছে । টিজাৰত অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনকো দেখা গৈছে, য’ত তেওঁলোকে তেওঁলোকৰ জীয়েক আৰাধ্যাৰ সৈতে হাঁহি-মাতি একেলগে বহি আছে । সময়খিনি তেওঁলোকক একেলগে উপভোগ কৰা দেখা গৈছে ।

উল্লেখ্য যে, ঐশ্বৰ্য আৰু অভিষেকৰ বিবাহ বিচ্ছেদৰ বাতৰি অনন্ত-ৰাধিকাৰ বিবাহৰ পিছৰ পৰাহে বেছিকৈ প্ৰচাৰিত হৈছিল, কিয়নো তেওঁলোক বিয়াত পৃথকে উপস্থিত হৈছিল ৷ আনকি ফটোৰ বাবেও তেওঁলোকে একেলগে প’জ দিয়া নাছিল ৷ অৱশ্যে, এতিয়া দেখা ভিডিঅ’ই অন্য দৃশ্যহে দেখুৱাইছে ৷ ভিতৰলৈ যোৱাৰ পিছত তেওঁলোকে মত বিনিময় কৰা দেখা গৈছে ।

তথ্যচিত্ৰখনৰ টিজাৰত, ঐশ্বৰ্য আৰু অভিষেকে বেইজ ৰঙৰ পোছাক পিন্ধি একেলগে বহি অনন্ত আৰু ৰাধিকাৰ স্বাক্ষৰ অনুষ্ঠান উপভোগ কৰি থকা দেখিবলৈ পোৱা গৈছে । তেওঁলোকৰ কন্যা আৰাধ্যাও তেওঁলোকৰ সৈতে বহি আছিল । এই ভিডিঅ’টোত অমিতাভ বচ্চনৰো এক আভাস দেখা গৈছে । টিজাৰটো অভিষেক আৰু ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজত আহিছে । শেহতীয়াকৈ ঐশ্বৰ্যই অমিতাভ বচ্চনক এখন ফটোৰে সৈতে জন্মদিনৰ শুভেচ্ছা জনাইছে । তেওঁ অমিতাভৰ সৈতে আৰাধ্যাৰ এখন ফটো শ্বেয়াৰ কৰি শিৰোনামত লিখে, “শুভ জন্মদিন পা-দাদাজী... ঈশ্বৰে সদায়ে আশীৰ্ব্বাদ কৰক ।”

লগতে পঢ়ক :বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ কিছু মনোমোহা ফটো - Aishwarya Rai Abhishek Bachchan

অনন্ত আৰু ৰাধিকাৰ স্বাক্ষৰ অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অক্ষয় কুমাৰ, ৰাণী মুখাৰ্জী, ৰণবীৰ কাপুৰকে ধৰি বহু ব্যক্তি উপস্থিত আছিল । তথ্যচিত্ৰখনত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে আৰতি আৰু সঞ্জয় দত্তই ছলমানক সাৱটি ধৰা দেখা গৈছে । অনুষ্ঠানত ৰাধিকাই মঞ্চত ‘দেখা তেনু’ গীতটিত নৃত্য কৰে । ভিডিঅ’টোত নীতা আম্বানীয়ে কয়, “জামনগৰৰ আমাৰ হৃদয়ত এক বিশেষ স্থান আছে । সৰু ল’ৰা অনন্তৰ বিয়াত মোৰ দুটা কামনা আছিল । প্ৰথমতে আমাৰ সংস্কৃতিক উদযাপন কৰিব বিচাৰিছিলো আৰু দ্বিতীয়তে আমাৰ কলা আৰু সংস্কৃতিক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলো ।”

জামনগৰত অনন্ত আৰু ৰাধিকাৰ প্ৰথমটো প্ৰি-ৱেডিং উদযাপন তিনিদিন ধৰি চলিছিল, য’ত ‘এন ইভিনিং ইন এভাৰলেণ্ড’ নামৰ ককটেল পাৰ্টিৰ দৰে অনুষ্ঠান হৈছিল । আন আন উৎসৱৰ ভিতৰত আছিল মেলা ৰুজ, কাৰ্নিভাল, শুভ হেছটেগ আৰু মহা আৰতি । ইয়াৰ উপৰিও কেইমাহমানৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ ইভেণ্টৰো আয়োজন কৰা হৈছিল । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত শুভ বিবাহ, শুভ আশীৰ্বাদ আৰু মংগল উৎসৱেৰে তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয় ।

লগতে পঢ়ক :বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে ঐশ্বৰ্যৰ আঙুলিত বিয়াৰ আঙঠি - Aishwarya Rai Abhishek Bachchan

ABOUT THE AUTHOR

...view details