চিটাৰা ডেস্ক, 28 এপ্ৰিল :মুম্বাই আৰক্ষীয়ে অভিনেতা ছাহিল খানক মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । বোম্বাই উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনৰ বাবে ছাহিলৰ আবেদন নাকচ কৰাৰ পাচতেই ছাহিল খানক মুম্বাই আৰক্ষী চাইবাৰ চেলৰ বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) ছত্তীশগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
সূত্ৰ অনুসৰি, অভিনেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰাৰ পিচৰে পৰা মুম্বাইৰ পৰা পলায়ন কৰিছিল ৷ অভিনেতাজন মুম্বাই আৰক্ষী আৰু ছত্তীশগড় আৰক্ষীৰ যুটীয়া অভিযানৰ সহায়ত ৪০ ঘণ্টাতকৈও অধিক সময় অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে তেওঁক মুম্বাইলৈ লৈ অনা হৈছে ৷
তেওঁক পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱা হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে । 'ষ্টাইল' আৰু 'এক্সকিউজ মী'ৰ দৰে চলচ্চিত্ৰত কাম কৰা ছাহিল খান ছ'চিয়েল মিডিয়াত বহুত সক্ৰিয় ৷ এছআইটিয়ে ছত্তীশগড়ৰ কিছু বিত্তীয় আৰু ৰীয়েল ইষ্টেট প্ৰতিষ্ঠান আৰু বিতৰ্কিত মহাদেৱ বেটিং এপৰ প্ৰচাৰকসকলৰ মাজত কথিত অবৈধ লেনদেনৰ তদন্ত অব্যাহত আছে ।