মাণিকপুৰ, 20 ছেপ্টেম্বৰ :আজি 20 ছেপ্টেম্বৰ । কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্মদিন । উভতি নহাৰ বাটেৰে আঁতৰি যোৱা ৰাণা দাৰ অৱৰ্তমানত ৰাণা দাক সুঁৱৰিছে আজি ৰাজ্যবাসীয়ে । বৰেণ্য শিল্পীগৰাকীৰ 81 সংখ্যক ওপজা দিন প্ৰেছ ক্লাব অভয়াপুৰীৰ উদ্যোগত অভয়াপুৰীৰ বৃদ্ধাশ্ৰমত উদযাপন কৰা হয় । আজি দিনজোৰা কাৰ্যসূৰীৰে পালন কৰা এই বিশেষ দিনটোত অভয়াপুৰীৰ আকাশে-বতাহে ৰাণা দাৰ কালজয়ী গীতসমূহ বাজি উঠে ।
প্ৰেছ ক্লাৱ অভয়াপুৰীৰ উদ্যোগত আয়োজন কৰা জয়ন্ত হাজৰিকাৰ ওপজা দিনৰ বিশেষ অনুষ্ঠানত পতাকা উত্তোলন কৰে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক ড৹ ছিৰখাত হুছেইনে ৷ ৰাণা দাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে অভয়াপুৰীৰ বিশিষ্ট ব্যক্তি ছৈয়দ ছাজিদ আলীয়ে ৷ গছপুলি ৰোপণ কৰে প্ৰেছ ক্লাৱ অভয়াপুৰীৰ সাধাৰণ সম্পাদক ৰাজীৱ সৰকাৰে । জয়ন্ত হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰে প্ৰেছ ক্লাৱ অভয়াপুৰীৰ সভাপতি বিনোদ বিহাৰী নাথ আৰু অভয়াপুৰীৰ বিশিষ্ট সমাজ সেৱক ৰিতু কুমাৰ দাসে ।