হায়দৰাবাদ: বেংক গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ ! ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে 2025 চনৰ 1 জানুৱাৰীৰ পৰা নিয়মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কাৰ্যকৰী কৰিব । এই পৰিৱৰ্তনে সমগ্ৰ দেশৰ লাখ লাখ বেংক একাউণ্ট প্ৰভাৱিত কৰিব ।
নিৰাপত্তা,স্বচ্ছতা আৰু বেঙ্কিং লেনদেন সেৱা উন্নত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বিপদাশংকা হ্ৰাস কৰা, বিশেষকৈ বেংক একাউণ্ট হেকিং,বেঙ্কিং প্ৰণালী সৰল কৰা আৰু বেঙ্কিং খণ্ডৰ ডিজিটেলকৰণৰ উপৰি আধুনিকীকৰণৰ কাম উন্নত কৰাৰ লক্ষ্যৰে তিনি প্ৰকাৰৰ বেংক একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।
দীৰ্ঘসময়ধৰি লেনদেন নকৰা বেঙ্ক একাউণ্ট:
এটা বেংক একাউণ্ট য'ত দুবছৰ বা অধিক সময়ৰ বাবে কোনো লেনদেন হোৱা নাই । এই ধৰণৰ বেংক একাউণ্টক ডৰমেণ্ট একাউণ্ট বুলি কোৱা হয় । হেকাৰসকলে প্ৰায়ে প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বাবে এনে একাউণ্ট ব্যৱহাৰ কৰে ।
নিষ্ক্ৰিয় বেঙ্ক একাউণ্ট:
নিৰ্দিষ্ট সময়ৰ বাবে কোনো লেনদেন নকৰা একাউণ্টবোৰ (সাধাৰণতে 12 মাহ বা অধিক সময়ৰ বাবে লেনদেন নকৰা একাউণ্ট) নিষ্ক্ৰিয় একাউণ্ট হিচাপে গণ্য কৰা হয় । কিন্তু ইয়াক তৎক্ষণাৎ সক্ৰিয় কৰিবলৈ উদ্যোগ লওক।