অসম

assam

ETV Bharat / business

এক কেজি চাহপাতৰ মূল্য কিমান জানেনে ? - Darjeeling Tea - DARJEELING TEA

Darjeeling Premium First Flush Tea : বিশ্বৰ বজাৰত এতিয়া অভাৱনীয় দৰত বিক্ৰী হৈছে দাৰ্জিলিঙৰ প্ৰথম ফ্লাছ চাহপাত ৷ এই বছৰ গুডৰিক গ্ৰুপৰ বাদামতমৰ তত্বাৱধানত থকা চাহ বাগিচাত উৎপাদন হোৱা নতুন ছিজনৰ প্ৰখ্যাত দাৰ্জিলিং স্প্ৰিং চাহ প্ৰতি কিলোগ্ৰামত 31,000 টকাত বিক্ৰী হৈছে । এই সন্দৰ্ভত সুতানুকা ঘোষালৰ এক প্ৰতিবেদন...

DARJEELING TEA
এক কেজি চাহপাতৰ মূল্য কিমান জানেনে ? (ETV BHARAT)

By Sutanuka Ghoshal

Published : Mar 27, 2024, 6:42 PM IST

বিশেষ প্ৰতিবেদন, 27 মাৰ্চ :চাহে আমাৰ দৈনন্দিন জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ পুৱা শুই উঠিয়েই আমি একাপ চাহেৰে দিনটো আৰম্ভ কৰো ৷ কিন্তু আপুনি খোৱা চাহকাপত ব্যৱহাৰ কৰা চাহপাতৰ মূল্য কিমান জানেনে ? আপুনি, মই সাধাৰণতে এক পেকেট চাহপাত 100 টকা ক্ৰয় কৰো, অতি বেছি হ’লে 200 টকা ৷ কিন্তু আজি আমি আপোনাক ক’বলৈ ওলাইছো 31 হাজাৰ টকীয়া চাহপাতৰ কথা ৷ এক কেজি চাহপাত ক্ৰয় কৰিলে আপুনি দিব লাগিব 31 হাজাৰ টকা ৷

সম্প্ৰতি বিশ্বৰ বজাৰত এতিয়া অভাৱনীয় দৰত বিক্ৰী হৈছে দাৰ্জিলিঙৰ প্ৰথম ফ্লাছ চাহপাত ৷ এই বছৰ গুডৰিক গ্ৰুপৰ বাদামতমৰ তত্বাৱধানত থকা চাহ বাগিচাত উৎপাদন হোৱা নতুন ছিজনৰ প্ৰখ্যাত দাৰ্জিলিং স্প্ৰিং চাহ প্ৰতি কিলোগ্ৰামত 31,000 টকাত বিক্ৰী হৈছে । বিগত বৰ্ষত প্ৰথম ফ্লাছ চাহৰ তুলনাত এই বৰ্ষত প্ৰতি কিলোত 4,000 টকা অধিক দৰত বিক্ৰী হৈছে ।

অৱশ্যে দাৰ্জিলিঙত দীঘলীয়া সময় ধৰি শুকান বতৰৰ পিচতে এসপ্তাহ ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে এই মাৰ্চত দাৰ্জিলিঙৰ প্ৰথম ফ্লাছ চাহৰ উৎপাদন কম হৈছে । দাৰ্জিলিঙৰ এক আগশাৰীৰ চাহ কোম্পানী গোল্ডেন টিপছে, গুডৰিক গ্ৰুপৰ বাদামতমৰ চাহ বাগিচাৰ পৰা নতুন ছিজনৰ বিদেশী দাৰ্জিলিং স্প্ৰিং চাহ অভিলেখ মূল্যত সংগ্ৰহ আৰু ক্ৰয় কৰিছে।

গোল্ডেন টিপছে প্ৰতি কিলোগ্ৰামত 31,000 টকাত জৈৱিক বগা চাহ ক্ৰয় কৰে ৷ এই নিৰ্দিষ্ট চাহপাতখিনি চাহগছৰ এক বিশেষ অংশৰ পৰা উলিয়াই অনা হৈছিল ৷ এই চাহপাত শীৰ্ষ মানদণ্ডৰ ৷ এই চাহৰ প্ৰকাৰটোত এক চাংকি বগা টিপৰ দৰে দেখা যায়, উজ্জ্বল সেউজীয়া ইনফিউচন আৰু ই পীচৰ ফলৰ দৰে সোৱাদযুক্ত হয় ৷ কোম্পানীটোৱে ৫ কিলোগ্ৰাম জৈৱিক বগা চাহ ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:ভাৰতৰ ৰিয়েল এষ্টেট খণ্ডত সাধাৰণ নিৰ্বাচনৰ প্ৰভাৱ - Lok Sabha Elections 2024

For All Latest Updates

ABOUT THE AUTHOR

...view details