অসম

assam

ETV Bharat / bharat

বিশ্ব বিৰিয়ানী দিৱস: ই কেনেকৈ আহিল ভাৰতলৈ ?

World Biryani Day: বিৰিয়ানী মোগলসকলে প্ৰথমে ভাৰতলৈ আনিছিল বুলি বিশ্বাস কৰা হয় । ঠাইভেদে ইয়াৰ নাম কিছু সুকীয়া ।

By ETV Bharat Assamese Team

Published : 4 hours ago

World Biryani Day
বিশ্ব বিৰিয়ানী দিৱস (ETV Bharat)

নেশ্যনেল ডেস্ক,১০ অক্টোবৰ :সুস্বাদু সোৱাদ আৰু বৈচিত্ৰ্যপূৰ্ণ ব্যঞ্জনৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে ১১ অক্টোবৰত বিশ্ব বিৰিয়ানী দিৱস উদযাপন কৰা হয় । এই দিনটোত সমগ্ৰ বিশ্বৰ মানুহে বিভিন্ন অঞ্চলভেদে আৰু দেশৰ ভিন্ন প্ৰকাৰৰ বিৰিয়ানী যেনে চিকেন, মটন, ভেজ আৰু কাঠফুলা বিৰিয়ানীৰ জুতি লয় । বিৰিয়ানী পাৰ্চিয়াত এক সাধাৰণ চাউল আৰু মাংসৰ ব্যঞ্জন হিচাপে আৰম্ভ হৈছিল আৰু তাৰ পিছত ই ভাৰতত বিৰিয়ানী হিচাপে জনপ্ৰিয় হয় । দেশৰ বিভিন্ন প্ৰান্তত ই পৃথক সোৱাদেৰে পৰিচয় লাভ কৰে । প্ৰতিটো অঞ্চলে সুস্বাদু ৰন্ধন প্ৰণালী আৰু মচলা বা উপলব্ধ উপাদান ব্যৱহাৰ কৰি নিজৰ সংস্কৃতিৰ নাম দিয়ে ।

ভাৰতৰ বিভিন্ন প্ৰান্তত বিৰিয়ানীৰ বিভিন্ন সংস্কৰণ উপলব্ধ । বিৰিয়ানী নামৰ এই সুস্বাদু ব্যঞ্জনে সমগ্ৰ বিশ্বৰ খাদ্য-ৰসিকসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে ঠাইভেদে ইয়াৰ নামো পৃথক হৈ পৰিছে ।

হায়দৰাবাদী বিৰিয়ানী :বাচমতী চাউল, মাংস (কুকুৰা বা ছাগলী) আৰু বিশেষ মচলাৰে প্ৰস্তুত কৰা হয় । এই বিৰিয়ানীৰ সোৱাদ সমগ্ৰ ভাৰতৰ লগতে অন্যান্য দেশৰ খাদ্য-ৰসিকৰ মাজত বিশেষ স্থান আছে । হায়দৰাবাদ ভ্ৰমণ কৰা যাত্ৰীসকলে বেছিভাগে ইয়াৰ সোৱাদ লয় ।

সিন্ধি বিৰিয়ানী : ই সুগন্ধি আৰু সোৱাদযুক্ত । মাংস আৰু চাউলৰ ব্যঞ্জন, যি পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা আহিছে । ইয়াক চাউল, কুকুৰা বা মটন, বিলাহী, আলুৰ সৈতে ৰন্ধা হয় আৰু মচলাযুক্ত সোৱাদৰ বাবে কেঁচা জলকীয়া ব্যৱহাৰ কৰা হয় ।

দিল্লী বিৰিয়ানী : মোগল যুগৰ পৰা আধুনিক যুগলৈ দিল্লীত বিৰিয়ানী খোৱা লোকৰ সংখ্যা যথেষ্ট । পুৰণি দিল্লী আৰু নিজামুদ্দিন হৈছে সেই ঠাই য'ত মানুহে বিৰিয়ানীৰ প্ৰামাণিক সোৱাদ পাব পাৰে ।

থালাচেৰী বিৰিয়ানী : ই ভাৰতৰ কেৰালাৰ মালাবাৰ অঞ্চলৰ জনপ্ৰিয় ব্যঞ্জন । কাইমা চাউল, মাংস আৰু বিভিন্ন উপাদান ব্যৱহাৰ কৰি এই বিৰিয়ানী প্ৰস্তুত কৰা হয় । যি ইয়াৰ ব্যতিক্ৰমী সোৱাদৰ বাবে জনাজাত ।

লক্ষ্ণৌ বিৰিয়ানী : লক্ষ্ণৌ বিৰিয়ানীক আৱাধি বিৰিয়ানী বুলিও জনা যায় । যাক সাধাৰণ মচলাৰ সৈতে অৱধ শৈলীৰ এক সমৃদ্ধ পৰিচয় হিচাপে জনা যায ।

কলকাতা বিৰিয়ানী : ইয়াত চাউল আৰু মচলাৰ সৈতে কুকুৰাৰ মাংস ব্যৱহাৰ কৰা হয় । যাৰ সোৱাদে আপোনাৰ জিভালৈও পানী আনিব । যদি আপুনি খাদ্য-ৰসিক আৰু আপুনি নতুনতৈ ৰন্ধন প্ৰণালী অন্বেষণ কৰি আছে তেনেহ'লে কলকাতাত এবাৰ ইয়াৰ সোৱাদ লোৱা উচিত ।

মোগলসকলে প্ৰথমবাৰৰ বাবে ভাৰতলৈ বিৰিয়ানী আনিছিল । তীৰ্থযাত্ৰী আৰু মোগলৰ সেনাপতিসকলৰ জৰিয়তে দক্ষিণ ভাৰতৰ ডেক্কান অঞ্চললৈ বিৰিয়ানী আহিছিল । তাৰ বহু পিছতহে দেশখনৰ ভিতৰুৱা অঞ্চল আৰু সাগৰীয় উপকূল অঞ্চললৈ আহিছিল ।

লগতে পঢ়ক :কেৰালাৰ নেত্ৰদাতা গাঁঁওখনে দিছে মানৱসেৱাৰ সৰ্বশ্ৰেষ্ঠ প্ৰমাণ

ABOUT THE AUTHOR

...view details