নিউজ ডেস্ক, ১৪ মে' : মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বাস আৰু ধৰ্মৰ প্ৰতি যথেষ্ট সচেতন । এইবাৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মনোনয়নৰ বাবে বাছনি কৰা চাৰিগৰাকী প্ৰস্তাৱকৰ ভিতৰত এগৰাকী হৈছে প্ৰখ্যাত জ্যোতিষী তথা গাণিতিক বিশেষজ্ঞ গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় ।
জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় হৈছে সেইগৰাকী ব্যক্তি, যিয়ে অযোধ্যাৰ ৰামলালা মন্দিৰৰ ভূমি পূজন আৰু শিলা পূজন কৰাৰ লগতে ৰাম মন্দিৰৰ বিশাল উদ্বোধনৰ সময়ো গণনা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ সময়ছোৱাত গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ক প্ৰধানমন্ত্ৰীৰ কাষত দেখা যায় ।
প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে দিনৰ ১১.৫৫ বজাত মনোনয়ন দাখিল কৰে । এই মুহূৰ্তটোও গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ে গণনা কৰি উলিয়াইছিল । উল্লেখ্য যে বাৰাণসীৰ গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ৰ জ্যোতিষ আৰু বেদ-বেদাংগৰ বিশ্বত যথেষ্ট সুনাম আছে ।
জগতগুৰু ৰামানন্দচাৰ্য বঁটা লাভ কৰা গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ৰ পৰিয়ালে দীৰ্ঘদিন ধৰি কাশীত বাস কৰি আহিছে । মূলত দক্ষিণ ভাৰতৰ যদিও গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ে ৰামঘাট অঞ্চলৰ গংগাৰ পাৰত থকা এখন সংস্কৃত বিদ্যালয়তে বাস কৰে ।