মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ওপৰত চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ধনাত্মক প্ৰভাৱ থাকিব ৷ আত্মবিশ্বাস বঢ়াৰ লগতে সম্পর্কৰ ক্ষেত্ৰত সুফল লাভ কৰিব ৷ অন্যান্য দিশ যেনে- স্বাস্থ্য, কৰ্ম, শিক্ষা আদিৰ পৰা আৰম্ভ কৰি সকলোতে সুফল লাভ কৰিব ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত স্বাস্থ্যৰ অকণমান যত্ন ল'ব লাগিব ৷ প্ৰেম আৰু বৈবাহিক দুয়োটা সম্পৰ্কৰে ক্ষেত্ৰত সুফল লাভ কৰিব ৷ বাকী অন্যান্য ক্ষেত্ৰসমূহতো ভাল ফলাফল লাভ কৰিব ৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ কিছুক্ষেত্ৰত সামান্য বাধা থাকিব ৷ কিন্তু ব্যৱসায়ীসকলে উন্নত ফল লাভ কৰিব ৷ চাকৰিয়ালসকলৰ লগতে শিক্ষাৰ্থীসকলে সামান্য বাধাৰ সন্মুখীন হ'ব ৷ প্ৰেমৰ লগতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো সুফল লাভ কৰিব ৷
কৰ্কট ৰাশি:কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহতো খুবেই ভাল ৷ ভ্ৰমণৰ সম্ভাৱনা ৷ সম্পৰ্কবোৰৰ ক্ষেত্ৰত সকলো কথা ঠিকে থাকিব ৷ স্বাস্থ্য, কৰ্ম আদিৰ পৰা আৰম্ভ কৰি সকলোতে ভাগ্য উদয় হ'ব ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত স্বাস্থ্যৰ যতন ল'ব লাগিব ৷ ব্যৱসায়ীসকলে সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহতো ভাল ৷ অন্যান্য দিশসমূহতো ভাল ফল পাব ৷
কন্যা ৰাশি:কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটো সকলো ক্ষেত্ৰতে ভালেই যাব ৷ ব্যৱসায়ী, উপাৰ্জন, শিক্ষা আদি সকলো ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷ প্ৰেমৰ দিশত চলিত সপ্তাহতো ভালেই যাব যদিও বৈবাহিক সম্পর্কৰ ক্ষেত্ৰত সামান্য চিন্তাৰ সন্মুখীন হ'ব পাৰে ৷