অসম

assam

ETV Bharat / bharat

অক্ষয় তৃতীয়াৰ দিনা সোণ, ৰূপ ক্ৰয় কৰাৰ বাহিৰে আৰু কি শুভকৰ্ম কৰিব পাৰে ? - AKSHAYA TRITIYA 2024 - AKSHAYA TRITIYA 2024

AKSHAYA TRITIYA : অক্ষয় তৃতীয়াৰ দিনটোত আপুনি কি কি শুভ কৰ্ম কৰিব পাৰে ? অক্ষয় তৃতীয়াৰ দিনা আপুনি কি দান কৰিব পাৰে ? এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মা ।

AKSHAYA TRITIYA 2024
অক্ষয় তৃতীয়াৰ দিনা সোণ, ৰূপ ক্ৰয় কৰাৰ বাহিৰে আৰু কি শুভকৰ্ম কৰিব পাৰে ? (SOURCE: FREEPIK)

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:19 AM IST

জ্যোতিষী ড৹ পৰশমণি শৰ্মা (SOURCE: ETV BHARAT ASSAM)

গুৱাহাটী, 10 মে’ : আজি অক্ষয় তৃতীয়া ৷ অক্ষয় তৃতীয়া দিনা ধনতেৰচৰ দিনাৰ দৰে আপুনি সোণ, ৰূপ, তাম আদিৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ আজিৰ দিনটো সোণ, ৰূপ, তাম আদিৰ সামগ্ৰী ক্ৰয় কৰাৰ লগতে অন্যান্য সকলো ক্ষেত্ৰত আজিৰ দিনটো শুভ বুলি গণ্য কৰা হয় ৷

আজিৰ দিনটোত আপুনি কি কি শুভ কৰ্ম কৰিব পাৰে ?

  • আজিৰ এই বিশেষ দিনটোত আপুনি সোণ-ৰূপ আদিৰ সামগ্ৰী ক্ৰয় কৰাৰ লগতে আজিৰ দিনটোৰ পৰা যদি ডাক্তৰে দিয়া যিকোনো ঔষধ আৰম্ভ কৰিব বিচাৰিছে, তেন্তে সেয়াও আজি ভাল দিন ৷
  • ছাত্ৰ-ছাত্ৰী নতুনকৈ কোনো বিষয়ত শিক্ষা আৰম্ভ কৰিব বিচাৰে, তেন্তে আজিৰ দিনটোৰ পৰা কৰিব পাৰে ৷ শিক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ-পত্ৰ কিনিব পাৰে ৷
  • গৃহ-প্ৰৱেশ বা সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰতো আজিৰ দিনটো অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷
  • কৃষকসকলে খেতি, গছ-গছনি ৰোৱা বা মাছৰ ব্যৱসায় আজিৰ পৰা আৰম্ভ কৰিব পাৰে ৷

অক্ষয় তৃতীয়াৰ দিনা আপুনি কি দান কৰিব পাৰে ?

  • আজিৰ এই দিনটোত আপুনি যদি কোনো দুখীয়া বা ভোকাতুৰ মানুহক এমুঠি অন্ন দান কৰিব পাৰে, তেন্তে শুভফল লাভ কৰিব পাৰে ৷ মান্যতা আছে যে এই সময়ছোৱাত যদি কোনো ভোকাতুৰ মানুহক আপুনি আপোনাৰ সাধ্য অনুসৰি অন্ন, বস্ত্ৰ, বাসস্থান যোগান ধৰিব পাৰে, তেতিয়া আপোনাৰ কেতিয়াও টকাৰ অভাৱ নহয় ৷
  • যদিহে ৰাহুৰ মহাদশা চলি আছে, তেন্তে এই সময়ছোৱাত ইলেকট্ৰনিক সামগ্ৰী মানুহক দান দিব পাৰে বা উপহাৰ হিচাপে দিব পাৰে ৷
  • যদি আপুনি আপোনাৰ জীৱনত কিবা ধনাত্মক সলনি আনিব বিচাৰি আছে, তেন্তে আজিৰ দিনটোত ৰূপ বা সোণৰ বৰ্গাকাৰ এটা লকেট বনাই ডিঙিত পৰিধান কৰিব পাৰে ৷
  • কেতুৰ দশা যদি চলি থাকে তেন্তে পুৰুষ বা মহিলাই উভয়ে কাণত এপাট কাণফুলি পৰিধান কৰিব পাৰে ৷
  • লগতে আজিৰ দিনটোত ঘৰত সকলোৱে হাঁহি-স্ফূৰ্তিৰে থকাৰ লগতে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিলে ভাল ৷

লগতে পঢ়ক:অক্ষয় তৃতীয়াৰ দিনা এনেদৰে সন্তুষ্ট কৰক বিষ্ণু-মা লক্ষ্মীক আৰু পাওক এই লাভ - AKSHAYA TRITIYA 2024

ABOUT THE AUTHOR

...view details