নেশ্যনেল ডেস্ক, ১২ আগষ্ট:কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৰ্মৰত অৱস্থাত চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ চাঞ্চল্যও অব্যাহত আছে । ইফালে চিকিৎসকৰ নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰ দাবীত চিকিৎসা মহাবিদ্যালয়খনত প্ৰতিবাদো অব্যাহত ৰাখিছে একাংশ চিকিৎসক-শিক্ষাৰ্থীয়ে ।
নতুন অধীক্ষক তথা উপাধ্যক্ষ নিযুক্তি :
ঘটনাক লৈ তীব্ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগ চৰকাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ নতুন অধীক্ষক তথা উপাধ্যক্ষ নিযুক্তি দিয়ে । অধ্যাপক ডাঃ বুলবুল মুখোপাধ্যায়ক এই পদত নিযুক্তি দিয়া হয় । মহাবিদ্যালয়খনৰ ফিজিঅ'লজি বিভাগৰ(শৰীৰতত্ত্ব বিভাগ) অধ্যাপক আছিল ডাঃ মুখোপাধ্যায় । ইফালে প্ৰাক্তন অধীক্ষক তথা উপাধ্যক্ষগৰাকীক ঘটনাটোৰ পিচতে কলকাতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়লৈ ফিজিঅ'লজি বিভাগৰ অধ্যাপক হিচাপে স্থানান্তৰ কৰা হৈছে ।
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ প্ৰতিবাদ :
ইফালে ৯ আগষ্টত সংঘটিত ঘটনাটোৱে ব্যাপক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি কৰিছে । ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ এছ'চিয়েশ্যনে(FORDA) আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক চিকিৎসকসকলক সমৰ্থন জনোৱাৰ উদ্দেশ্যে ১২ আগষ্টত চিকিৎসালয়ৰ অ'পিডি, ৱাৰ্ড আৰু ইলেক্টিভ অ'টিকে ধৰি বিভিন্ন সেৱাসমূহ দেশজুৰি বন্ধ ৰখাৰ আহ্বান জনাইছে । দীনদয়াল উপাধ্যায় চিকিৎসালয়, লেডী হাৰ্ডিঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু দিল্লীৰ মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে ইলেক্টিভ সেৱা বন্ধৰ ঘোষণা কৰিছে ।