বিহাৰ :টকাৰ উজান উঠিছে ৷ হাজাৰ বা লাখ টকা নহয় ৷ এইবাৰ কোটি কোটি টকাৰ উজান উঠিছে ৷ ভাগৰি পৰিছে সকলো, কিয়নো গণিছেহে গণিছে, শেষেই নহয় চোন এই টকা ৷ টকা গণা মেচিন আনিও গণি শেষ কৰিব পৰা নাই এই টকা ৷ পিছে কোনফালে বৈছে জানেনে টকাৰ উজান উঠা এই নৈখন ?
আপুনি জানি আচৰিত হ’ব এই টকাৰ উজান কোনো মন্ত্ৰী-আমোলা বা কোটিপতি ব্যৱসায়ীৰ ঘৰত নহয় ৷ এই টকা ওলাইছে এগৰাকী সাধাৰণ জিলা শিক্ষা বিষয়াৰ ঘৰতহে ৷ পিছে এজন সাধাৰণ চৰকাৰী কৰ্মচাৰী হৈয়ো ইমান টকা ক’ল পালে শিক্ষা বিষয়াগৰাকীয়ে ? - এই প্ৰশ্ন উঠিছে বহুতৰে মনত ৷ নগদ দুই কোটি টকা ওলাল এই জিলা শিক্ষা বিষয়াগৰাকীৰ ঘৰত, তেওঁৰ নাম ৰজনীকান্ত প্ৰবীণ ৷
এক গোপন খবৰৰ আলমতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভিজিলেন্সৰ এটা দলে ৰজনীকান্তৰ ঘৰত অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলটোৱে ৰজনীকান্তৰ ঘৰত বান্দোলে বান্দোলে টকাৰ জাপ দেখি আচৰিত হৈ পৰে ৷ তাৰ পাচতে দলটোৱে গণিবলৈ আৰম্ভ কৰে টকা ৷ কিন্তু টকাৰ জাপে জাপে বান্দোল দেখি অভিযানকাৰী দলটোৱে আনিবলৈ বাধ্য হয় টকা গণা মেচিন ৷
পৰৱৰ্তী সময়ত টকা গণা মেচিনৰ সহায়ত অভিযানকাৰী দলটোৱে শিক্ষা বিষয়া ৰজনীকান্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুই কোটি টকা ৷ লগতে দলটোৱে ৰজনীকান্তৰ বিশাল সম্পত্তিৰো সকলো নথি-পত্ৰ উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত ৷
অভিযোগ অনুসৰি, জিলা শিক্ষা বিষয়া ৰজনীকান্ত প্ৰবীণৰ বিৰুদ্ধে বহু সময়ত বহু অভিযোগ উত্থাপন হৈছিল ৷ কি শিক্ষক, কি ঠিকাদাৰ - টকা নিদিলে মুঠতে অভিযুক্ত ৰজনীকান্তই এখিলা পাতো ইফালৰ পৰা সিফাল নকৰে ৷ যাৰ বাবে তেওঁৰ বিৰুদ্ধে ভিন্ন সময়ত বহুজনে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অভিযোগ দিছিল ৷