ছত্তীশগড় (ধামতাৰী) : বিয়াৰ কথা ক’লে সকলোৰে মনত বহু হেঁপাহ থাকে । দৰা-কইনা চোৱাৰ পৰা আৰম্ভ কৰি অতিথিৰ নিমন্ত্ৰণী-পত্ৰ, ৰভা-পেণ্ডেল, অতিথি আপ্যায়ন- সকলোতে আজিকালি এক নতুনত্বৰ চমক দিয়াটো ট্ৰেণ্ড হৈ পৰিছে ।
নগৰ বা চহৰত এখন আড়ম্বৰপূৰ্ণ বিয়া আয়োজন কৰাটো আজিকালি প্ৰায় সাধাৰণ হৈ পৰিছে । কিন্তু এখন আড়ম্বৰপূৰ্ণ বিয়াত কিমান খৰচ হয় সেই বিষয়ে সকলোৰে জ্ঞাত ৷ বিশেষকৈ কইনাৰ পৰিয়ালটো এখন বিয়াত দেউলীয়াও হৈ যায় ।
কিন্তু বৰ্তমান এখন বিয়া শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে । মাত্ৰ বিশ টকাতে দৰা আৰু কইনাৰ আঙুঠি পিন্ধোৱা পৰ্ব আৰু বিবাহৰ আয়োজন কৰিছে ৷ আমি উল্লেখ কৰিছো ছত্তীশগড়ৰ এখন বিবাহৰ কথা ৷ য’ত জনজাতীয় সম্প্ৰদায় এঘৰ লোকে এই বিশেষ বিয়াৰ আয়োজন কৰা দেখা গৈছে ৷
জানিব পৰা মতে, ধমতাৰ ভাটগাঁৱত বসবাস কৰা গোৰীয়া জনগোষ্ঠীৰ সদস্যসকলে আজিলৈকে প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি শতিকা পুৰণি পৰম্পৰাই অনুসৰণ কৰি আছে । গোৰীয়া জনগোষ্ঠীত ল’ৰা বা ছোৱালী এজনীৰ বিয়া মাত্ৰ ২০ ৰ পৰা ৫০০ টকা দি সম্পৰ্ক স্থাপন কৰা হয় । দৰা পক্ষই এই সামান্য ধন দি কইনাক ঘৰলৈ লৈ যাব পাৰে যদিহে কইনা বিয়াৰ বাবে সাজু হয় ।
আন এগৰাকী মহিলা দীনবাতি বায়ে কয়, "আমাৰ সময়ত বিবাহ এই পদ্ধতিৰে পৰিচালিত হৈছিল । এতিয়া সময় অলপ সলনি হৈছে । কিছুমানে পুৰণি পৰম্পৰা অনুসৰণ কৰে আৰু কিছুমানে নকৰে ।"
২০ টকাত বিবাহ নিৰ্ধাৰণ :
বছৰ বছৰ ধৰি চলি অহা এই পৰম্পৰা আজিও গোৰীয়া জনগোষ্ঠীৰ লোকে মানি চলি আছে । গোৰীয়া জনগোষ্ঠীৰ লোকে কয় যে বিয়া ঠিক কৰাৰ সময়ত ছোৱালীৰ পক্ষক দিয়া ধন সদায় জমা ধনৰ দৰে তেওঁলোকৰ লগত ৰখা হয় । যেতিয়া ছোৱালীজনীৰ পক্ষই সেই সম্পৰ্ক ভাঙি পেলায়, তেতিয়া আগতে যিমানখিনি ধন দিয়া হৈছিল, তাৰ মূল ৰূপত ঘূৰাই দিব লাগে । টকাখিনি ঘূৰাই দিয়াৰ পিছত ছোৱালীজনীৰ পক্ষই নিজৰ ছোৱালীজনীক ঘূৰাই লৈ যায় ।
যদি কোনো কাৰণত বিবাহ বিচ্ছেদ হয়, তেন্তে পৰিয়ালৰ লোকে বিয়াৰ সময়ত দিয়া ধন ঘূৰাই দিয়ে বুলি জগমোহিনী বাই নামৰ মহিসাগৰাকীয়ে কয় ।
‘‘যদি পৰিয়াল আৰু ছোৱালীজনী মান্তি হয়, তেন্তে আমি দুবছৰৰ পৰা তিনিবছৰলৈ অপেক্ষা কৰো ৷ পিছত বিয়া হ’লে আমি কইনাক ঘৰলৈ লৈ যাওঁ । মোৰ বিয়াখন পাঁচ হাজাৰ টকাত ঠিক কৰা হৈছিল ৷’’ গাঁৱৰ দিলেশ গোৰীয়াই কয় ।
ৰীতি-নীতি :
গোৰীয়া জনগোষ্ঠীৰ এটা অনন্য পৰম্পৰাও আছ, যিটো এতিয়াও প্ৰচলিত । ইয়াৰে এটা হ’ল বিয়াৰ আগতে ল’ৰা আৰু ছোৱালীজনীক এটা কোঠাত আবদ্ধ কৰি ৰখা হয় । গোৰীয়া জনগোষ্ঠীৰ মানুহে কয় যে ল’ৰা আৰু ছোৱালীৰ বিয়া ঠিক হ’লে দুয়োকে কেইদিনমানৰ বাবে এটা কোঠাত আৱদ্ধ কৰি ৰখা হয় । জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে এই সময়ছোৱাত দুয়োজনে ইজনে সিজনক চিনি পায় আৰু বুজি পায় । ইয়াৰ পিছতহে দুয়ো বিবাহৰ বান্ধোনত বান্ধ খায় ।
"দুয়োটা পৰিয়ালৰ একমত হ'লেহে বিয়া হয় । এতিয়াও তেওঁলোকৰ পৰম্পৰা একেদৰেই চলি আছে । ল'ৰাটোৱে যদি ছোৱালীজনীক এৰি যাব বিচাৰে তেন্তে টকাখিনি ঘূৰাই দিয়া হয় । বিয়া তেওঁলোকৰ শিবিৰৰ ভিতৰতে হয় । আগতে ২০ টকাৰ বিনিময়তে এখন বিয়া অনুষ্ঠিত হৈছিল ৷ কিন্তু এতিয়া এই পৰিমাণ পাঁচশ টকা পৰ্যন্ত হৈছে ৷’’ প্ৰধান শিক্ষক দীনেশ কুমাৰ পাণ্ডেই কয় ।
আধুনিকতাৰ পৰস পৰা আজিৰ যুগতো গোৰীয়া জনগোষ্ঠীৰ ৰাইজে কেৱল নিজৰ পৰম্পৰাক আগুৱাই লৈ যোৱাই নহয়, নতুন প্ৰজন্ময়ো এই ৰীতি-নীতি মানি চলা দেখা গৈছে ।