অসম

assam

ETV Bharat / bharat

গাঞ্জা চকলেট সৰবৰাহৰ গোচৰত অসম আৰু ওড়িশাৰ দুজনক গ্ৰেপ্তাৰ - অসম আৰু ওড়িশাৰ দুজনক গ্ৰেপ্তাৰ

Transport of ganja chocolates: তেলেংগানা ৰাজ্যত কুৰিয়াৰ ছাৰ্ভিচযোগে গাঞ্জা চকলেটৰ সৰবৰাহৰ লগত জড়িত দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ এটা সৰবৰাহকাৰী অসমৰ লগতে আনটো ওড়িশাৰ বুলি জানিব পৰা গৈছে ৷

Transport of ganja chocolates
গাঞ্জা চকলেট সৰবৰাহৰ গোচৰত অসম আৰু ওড়িশাৰ দুজনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:10 PM IST

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : তেলেংগানা ৰাজ্যত কুৰিয়াৰ ছাৰ্ভিচযোগে গাঞ্জা চকলেটৰ সৰবৰাহৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ বুধবাৰে টিএছ এনএবি আৰু আবকাৰী আৰক্ষীয়ে চহৰখনৰ অন্য এখন ৰাজ্যৰ পৰা গাঞ্জা চকলেট বিক্ৰী কৰি থকা দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

টিএছ এনএবিৰ আয়ুক্ত সন্দীপ শাণ্ডিল্যৰ মতে, ইয়াৰে এটা সৰবৰাহকাৰী অসমৰ লগতে আনটো ওড়িশাৰ বুলি জানিব পৰা গৈছে ৷ ধৃত অসমৰ সৰবৰাহকাৰীটো হৈছে হিলালুদ্দিন মজুমদাৰ (29) ৷ 2021 চনত চাকৰিৰ বাবে হায়দৰাবাদলৈ আহিছিল ধৃত অভিযুক্তটোৱে ৷ হিলালুদ্দিনে নানাক্ৰাংগুড়াৰ এখন পান দোকানত কৰ্মৰত আছিল ।

2022 চনত হিলালুদ্দিনে নিজেই কাভুৰী কপিল হাবৰ ওচৰত এখন পান দোকান স্থাপন কৰিছিল । আৰক্ষীৰ জেৰাত হিলালুদ্দিনে জানিবলৈ দিয়ে যে, সেই সময়তে হিলালুদ্দিনে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ বাসিন্দা বিপিনৰ পৰা জানিব পাৰিছিল যে তেওঁৰ এলেকাত গাঞ্জা চকলেটৰ যথেষ্ট চাহিদা আছে। তেওঁৰ সহায়তেই হিলালুদ্দিনেও গাঞ্জা চকলেটৰ অৰ্ডাৰ দিছিল আৰু এক্সপ্ৰেছ বি কুৰিয়াৰ সেৱাৰ জৰিয়তে সেইসমূহ বিতৰণ কৰিছিল । তেওঁ প্ৰতিটো চকলেট ৫ টকাত ক্ৰয় কৰিছিল আৰু নানক্ৰামগুড়াত বিক্ৰী কৰিছিল ।

সোমবাৰে বিয়লি, অভিযুক্তটোক জিম্মাত লোৱা হয় আৰু গচিবলী আৰক্ষীক গতাই দিয়া হয় । আৰক্ষীয়ে হিলালুদ্দিন পৰা 2.8 কিলোগ্ৰাম ওজনৰ 560 টা গাঞ্জা চকলেট জব্দ কৰে ৷

ওড়িশাৰ ৰাহুল ৰাজেন্দ্ৰনগৰ চক্ৰৰ মধুবন কলনীত বাস কৰে । এটা স্থানীয় উদ্যোগত শ্ৰমিক হিচাপে কাম কৰি আছে ৰাহুলে । আবকাৰী আৰক্ষীয়ে স্থানীয়ভাৱে গাঞ্জা বিক্ৰী কৰি থকাৰ তথ্য পাইছিল আৰু তাৰ পিচতে ৰাহুলক গ্ৰেপ্তাৰ কৰিছিল । অভিযুক্তটোৰ পৰা 510 গ্ৰাম শুকান গাঞ্জা জব্দ কৰা হৈছিল ৷ সম্প্ৰতি ধৃত ৰাহুলক ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে অভিযুক্তটোৱে ধূলপেটৰ পৰা গাঞ্জা ক্ৰয় কৰিছিল আৰু ইয়াত বিক্ৰী কৰি আছিল।

লগতে পঢ়ক:8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিল তেজস্বী যাদৱ

ABOUT THE AUTHOR

...view details