নেশ্যনেল ডেস্ক, 27 জুলাই :মুম্বাইত প্ৰচণ্ড বৰষুণ ৷ এই বৰষুণৰ ফলত ভাঙি পৰিল তিনি মহলীয়া অকৰ্তৃত্বশীলভাৱে নিৰ্মিত এটা অট্টালিকা । নৱী মুম্বাই অৰ্থাৎ নতুন মুম্বাইৰ বেলাপুৰৰ সমীপৰ চাহাবাজ গাঁৱত শনিবাৰৰ পুৱাৰ ভাগত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।
বিল্ডিঙটোত মুঠ আৱাসীৰ সংখ্যা
নৱী মুম্বাই পৌৰ নিগমে জনোৱা মতে অট্টালিকাটোত দুজন নাগৰিক আৱদ্ধ হৈ আছে । নাগৰিক দুজনক উদ্ধাৰৰ কাম চলি আছে । অট্টালিকাটোত 26 টা পৰিয়ালে বাস কৰে আৰু অট্টালিকাটো ভাঙি পৰাৰ সময়ত একাংশ লোক ঘৰৰ ভিতৰত আছিল বুলি আশংকা কৰা হৈছে । 15/16 বছৰ পূৰ্বে অকৰ্তৃত্বশীলভাৱে নিৰ্মিত অট্টালিকাটো ভাঙি পৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে ।
তৎপৰ প্ৰশাসন
নৱী মুম্বাইৰ উপ-অগ্নিনিৰ্বাপক বিষয়া পুৰুষোত্তম যাদৱে জনোৱা মতে, জৰুৰীকালীন সেৱাই পুৱা 4.50 বজাত এই ঘটনাৰ বিষয়ে অৱগত হয় । ততাতৈয়াকৈ ঘটনাস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু নৱী মুম্বাই পৌৰ নিগমৰ অগ্নিনিৰ্বাপক বাহিনীক মোতায়েন কৰা হয় ।
অব্যাহত উদ্ধাৰ অভিযান
ধ্বংসাৱশেষৰ পৰা দুজন ব্যক্তিক সফলতাৰে উদ্ধাৰ কৰাৰ বিপৰীতে আৱদ্ধ হৈ পৰা বুলি আশংকা প্ৰকাশ কৰা আন এজন লোকক বিচাৰি উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে ।