নিউজ ডেস্ক, 3 জুলাই:অব্যাহত আছে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ এই অধিৱেশনৰ মঙলবাৰে আছিল সপ্তম দিন ৷ অধিৱেশনত অধ্যক্ষতা কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷
মঙলবাৰে সদনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ সময়তে বিৰোধীয়ে অতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ বিৰোধীৰ মুখত স্থান পাইছিল নীট-মণিপুৰৰ দৰে প্ৰসংগই ৷ বিৰোধীৰ শ্ল’গানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে জাৰি ৰাখিছিল নিজৰ ভাষণ ৷ সেই সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷
"কংগ্ৰেছ দলে আজি দেশৰ সংসদীয় ব্যৱস্থাক লজ্জিত কৰিছে । মণিপুৰৰ পৰা অহা সাংসদক ভাষণ দিবলৈ সুযোগ নিদিলে । ৰাহুল গান্ধীৰ 90 মিনিটৰ ভাষণৰ পিছত মণিপুৰৰ পৰা তেওঁলোকৰ নেতাক সুযোগ দিব পাৰিলেহেঁতেন । কংগ্ৰেছ দলে সত্য কথাটো কোৱাৰ বাবে সুযোগ নিদিলে ৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ ভাষণত ব্যাঘাত জন্মাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ কালি বিৰোধী দলপতিৰ এই আচৰণক যিমানেই গৰিহণা দিয়া নহওক কিয় সেয়া যথেষ্ট নহয়" - কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "আমি আশা কৰিছো যে কংগ্ৰেছ দলে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত নিজৰ আচৰণ সংযত কৰিব । আজি প্ৰধানমন্ত্ৰী মোদীয়ে নীটৰ প্ৰসংগ উল্লেখ কৰিছে । ৰাষ্ট্ৰপতিয়ে ভাষণত নীটৰ প্ৰসংগ উল্লেখ কৰিছিল । কাইলৈ ৰাজ্যসভাতো এই বিষয়ে আলোচনা হ'ব ।"