নেশ্যনেল ডেস্ক, 23 জুন: যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰত শনিবাৰৰ নিশা জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ ভাতৃ জে ডি এছ কাউন্সিলৰ সদস্য সূৰজ ৰেভান্নাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষী সূত্ৰই জনোৱা মতে, হাছানৰ চি ই এন থানাত ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হৈছে ।
আৰাকলাগুডুৰ এজন যুৱকে যোৱা 16 জুনৰ সন্ধিয়া হোলেনাৰসিপুৰা তালুকৰ ঘননিকড়াত থকা তেওঁৰ ফাৰ্ম হাউচত সূৰজ ৰেভান্নাই তেওঁৰ সৈতে যৌন আলিংগন কৰা বুলি আৰক্ষীক অভিযোগ দিছিল । এই অভিযোগৰ ভিত্তিত শনিবাৰৰ সন্ধিয়া হোলেনাৰসিপুৰা আৰক্ষীয়ে জেডি(এছ) এমএলচিগৰাকীৰ বিৰুদ্ধে আইপিচিৰ 377 (অস্বাভাৱিক যৌনতা) আৰু 506 (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক:যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ সাংসদ প্ৰজ্বল ৰেভান্না - MP Prajwal arrested
শনিবাৰৰ সন্ধিয়া সূৰজ ৰেভান্নাক আৰক্ষীয়ে হাছানৰ চি ই এন থানালৈ সোধ-পোচৰ বাবে আনে আৰু তদন্ত চলায় । তাৰ পাচতে শনিবাৰে নিশা তদন্তৰ অন্তত সূৰজ ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয় । থানালৈ গৈ থাকোঁতে সূৰজে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, "মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা । এই দেশৰ আইনৰ প্ৰতি মোৰ বিশ্বাস আছে । আৰক্ষীৰ তদন্তত সত্য ফাদিল হ’ব ।"