অসম

assam

ETV Bharat / bharat

ইউনিক নম্বৰসহ প্ৰকাশ কৰিব লাগিব নিৰ্বাচনী বণ্ড, উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

SC on electoral bond: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতে এছবিআইয়ে নিৰ্বাচনী বণ্ডৰ সকলো বিৱৰণ প্ৰকাশ কৰিছে । কিন্তু ইউনিক বণ্ড নম্বৰ প্ৰকাশ নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এছবিআইক কঠোৰ সমালোচনা কৰে । এছবিআই নিৰ্বাচক হ'ব নোৱাৰে বুলিও আদালতে উল্লেখ কৰে ।

SC on electoral bond
ইউনিক নম্বৰসহ প্ৰকাশ কৰিব লাগিব নিৰ্বাচনী বণ্ড

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 12:41 PM IST

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ :নিৰ্বাচনী বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকক পুনৰ সকীয়নি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ মতে ভাৰতীয় ষ্টেট বেংক নিৰ্বাচক নহয় । উচ্চতম ন্যায়ালয়ৰ মতে বেংকৰ হাতত থকা সকলো নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব । ক্ৰেতা আৰু অনুদান লাভ কৰা ৰাজনৈতিক দলৰ মাজৰ সম্পৰ্ক প্ৰকাশ কৰিব পৰাকৈ ইউনিক বণ্ড নম্বৰো বেংকে প্ৰকাশ কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে কয় যে শীৰ্ষ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডৰ গোচৰৰ ৰায়ত বেংকক বণ্ডৰ সকলো বিৱৰণ প্ৰকাশ কৰিবলৈ কৈছিল আৰু এই দিশটোৰ ওপৰত পৰৱৰ্তী আদেশৰ বাবে অপেক্ষা কৰা উচিত নহয় ।

ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে শুনানিৰ সময়ত কয় যে আদালতে সকলো বিৱৰণ এছবিআইক প্ৰকাশ কৰিবলৈ কৈছিল । য'ত নিৰ্বাচনী বণ্ডৰ ইউনিক নম্বৰো অন্তৰ্ভুক্ত আছে । এছবিআইয়ে বিৱৰণ প্ৰকাশৰ ক্ষেত্ৰত নিৰ্বাচক হ'ব নোৱাৰে বুলিও বিচাৰপীঠে উল্লেখ কৰে ।

বিগত সপ্তাহত শীৰ্ষ ন্যায়ালয়ে দেশৰ সৰ্ববৃহৎ বেংকটোক নিৰ্দেশনা অনুসৰণ কৰি বণ্ডৰ ইউনিক নম্বৰ প্ৰকাশ নকৰাৰ কাৰণ ব্যাখ্যা কৰিবলৈ জাননী জাৰি কৰিছিল আৰু কৈছিল যে এছবিআই সেইবোৰ প্ৰকাশ কৰিবলৈ কৰ্তব্যবদ্ধ । ২০১৯ চনৰ ১২ এপ্ৰিলত শীৰ্ষ ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন আদেশ জাৰি কৰি নিৰ্দেশ দিছিল যে লাভ কৰা অনুদানৰ বিষয়ে তথ্য ৰাজনৈতিক দলবোৰে ইচিৰ ওচৰত বন্ধ খামত দাখিল কৰিব লাগিব ।

যোৱা ১৫ ফেব্ৰুৱাৰীত যুগান্তকাৰী ৰায়ত শীৰ্ষ আদালতে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰে । আনহাতে ইয়াক অসাংবিধানিক বুলিও অভিহিত কৰিছিল আৰু বণ্ড ক্ৰয় কৰা আৰু অনুদান লাভ কৰা দলসমূহৰ সম্পূৰ্ণ বিৱৰণ ইচিক ১৩ মাৰ্চৰ ভিতৰত প্ৰকাশ কৰাৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :নিৰ্বাচনী বণ্ডৰ নতুন তথ্য প্ৰকাশ, বিজেপিয়ে লাভ কৰিছে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান

ABOUT THE AUTHOR

...view details