নিউজ ডেস্ক, ১৭ অক্টোবৰ :১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে । অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা ৬এ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও পক্ষৰ আবেদনৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে এই ৰায়দান কৰে ।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছত অধিবক্তা মনীষ গোস্বামীয়ে কয়, "৬এ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ আজি ৰায়দান হ’ল । উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠৰ ৪:১ সংখ্যাগৰিষ্ঠতাৰ সিদ্ধান্তত ৬এ ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰখা হয় ৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰই এই ধাৰাৰ সপক্ষে ৰায় দিয়ে ৷ ইয়াৰ বিপৰীতে ন্যায়াধীশ জে বি পাৰ্দিৱালাই ইয়াৰ বিপক্ষে ৰায়দান কৰে আৰু এই ধাৰাটোক অসাংবিধানিক বুলি ঘোষণা কৰে ।"