অসম

assam

তিনিখন নাৱৰ সৈতে 13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ - INDIAN FISHERMEN APPREHENDS

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 12:44 PM IST

13 Indian Fishermen Apprehends : পুনৰ 13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ ৷ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য ৷ বিষয় সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পত্ৰ প্ৰেৰণ ৷

INDIAN FISHERMEN APPREHENDS
13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক (Source : ANI PHOTO)

নেশ্যনেল ডেস্ক, 11 জুলাই: তামিলনাডুত বৃহস্পতিবাৰে পুৱা ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চলৰ ডেলফ্ট দ্বীপৰ পৰা 13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক কৰিছে চুবুৰীয়া দেশ শ্ৰীলংকাৰ নৌসেনাই ৷ লগতে মাছমৰীয়াসকলে ব্যৱহাৰ কৰা তিনিখন নাৱো জব্দ কৰে নৌসেনাৰ দলটোৱে ৷ এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে তামিলনাডুৰ পুডুকট্টা জিলাৰ মাছমৰীয়াসকলৰ মাজত ৷

এই ঘটনা এইবাৰে প্ৰথম নহয় ৷ প্ৰায়ে শ্ৰীলংকাৰ আন্তৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি মাছ ধৰাৰ বাবে ভাৰতীয় মাছমৰীয়াসকলক আটক কৰে দেশখনৰ নৌসেনা বাহিনীয়ে ৷ এইবাৰো অনুৰূপ কাৰ্যৰ বাবেই মাছমৰীয়াসকলক আটক কৰা হৈছে ৷ বিষয়টো সন্দৰ্ভত পূৰ্বৰে পৰা ভাৰতীয় মাছুৱৈসকলে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল যদিও কোনো সমাধান লাভ নকৰিলে ৷

লগতে পঢ়ক:কুৱেইটৰ পৰা মুম্বাইলৈ অহা নাৱত ৩ সন্দেহযুক্ত ব্যক্তিক আটক মুম্বাই আৰক্ষীৰ

উল্লেখ্য যে, বিগত এক জুলাইত শ্ৰীলংকাৰ নৌসেনাই আটক কৰিছিল 26 গৰাকী ভাৰতীয় মাছমৰীয়াক ৷ লগতে তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখনকৈ নাও জব্দ কৰে । মাছমৰীয়াসকলে উপকূলীয় অঞ্চল ৰামেশ্বৰম দ্বীপৰ পাম্বানৰ পৰা মাছ ধৰিবলৈ গৈছিল । শ্ৰীলংকাৰ নৌসেনাৰ এই পদক্ষেপক গৰিহণা দি পাম্বানৰ মাছমৰীয়াসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে মাছমৰীয়াসকলক আটক কৰাৰ প্ৰতিবাদত এক পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

ৰামেশ্বৰম মাছমৰীয়া সংস্থাই জনোৱা অনুসৰি, জুনৰ শেষৰ সপ্তাহত শ্ৰীলংকাৰ নৌসেনাই দেশখনৰ জলসীমাৰ নেদুন্থিভু দ্বীপৰ ওচৰত মাছ ধৰাৰ বাবে তিনিখন নাৱৰ সৈতে তামিলনাডুৰ 22 গৰাকী মাছমৰীয়াক আটক কৰিছিল ।

লগতে পঢ়ক:শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ তামিলনাডুৰ ২৩ মাছমৰীয়া

এই ঘটনাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰযোগে শ্ৰীলংকাৰ নৌসেনাই আটক কৰা মাছমৰীয়াসকলৰ মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি মাছমৰীয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ষ্টালিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক অনুৰোধ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেবোৰ ঘটনাই মাছমৰীয়াসকলৰ জীৱন-জীৱিকা প্ৰভাৱিত কৰে বুলি সদৰী কৰে ৷

ষ্টেলিনৰ প্ৰতি সঁহাৰি জনাই জয়শংকৰে কলম্বোত ভাৰতীয় উচ্চ আয়োগ আৰু জাফনাৰ কনচুলেটে আটক কৰা মাছমৰীয়াসকলক সোনকালে মুকলি কৰাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ৷

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই - Assam flood 2024

ইৰাণী মাছমৰীয়া জাহাজৰ আহ্বানৰ সঁহাৰি ভাৰতীয় নৌসেনাৰ; কৰ্মচাৰীক চিকিৎসা সাহায্য প্ৰদান

ABOUT THE AUTHOR

...view details